গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ; দুজনক গ্ৰেপ্তাৰ

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ; দুজনক গ্ৰেপ্তাৰ

শ্ৰীৰামপুৰ হৈ বহি : ৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ।শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত অসম আৰক্ষী আৰু চিআৰপিএফৰ অভিযান চলাই গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত এখন ট্ৰাক জব্দ কৰে।

৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথেৰে গুৱাহাটীৰ পৰা কলিকতা লৈ গৈ থকা ১৪ চকীয়া ট্ৰাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য ভেদ হয়। বাঁহ কঢ়িওৱা BR 06GC – 5890 নম্বৰৰ ট্ৰাকৰ ভিতৰত চোৰাংকৈ অনা বৃহৎ পৰিমাণৰ চেগুন কাঠ । ট্ৰাকত অনা বাঁহৰ ভিতৰত আছিল ৪০ লাখ টকাৰ চেগুন কাঠৰ বাটাম ।

GTM Desk