বায়ুসেনাত ৮৫ চাকৰিৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট

1 min read

কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত ভাৰতীয় বায়ুসেনা(Indian Air Force)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনা কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Cook (5), Mess Staff (9), Multi Tasking Staff (18), House Keeping Staff (15), Hindi Typist (3), Lower Division Clerk (10), Store Keeper (3), Carpenter (3), Painter (1), Suptd. Store (15), Civilian Mechanical Transport Driver (3)৷

উক্ত খালী পদসমূহ Group ‘C’ Civilianৰ৷ মুঠ খালী পদ ৮৫টাৰ ভিতৰত অসংৰক্ষিত ৪১টা, অ’বিচি ২০টা, এছ চি ৮টা, এছ টি ৩টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৩টা পদ সংৰক্ষিত থাকিব৷ Suptd. Store পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেStore বিভাগত পূর্বে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ Lower Division Clerk পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজীত ৩৫টা নাইবা হিন্দীত ৩০টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ Hindi Typist পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে প্রতিমিনিটত হিন্দীত ৩০টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ Store Keeper পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেStore বিভাগত পূর্বে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Civilian Mechanical Transport Driver পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে যান–বাহন চলোৱা অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ বাহন চলোৱা অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ Cook পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেCateringৰ এবছৰীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ Painter পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আই টি আইৰ পৰাPainterৰ প্রশিক্ষণ লোৱা হ’ব লাগিব Carpenter পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেITIৰ পৰাCarpenterৰ প্রশিক্ষণ লোৱা হ’ব লাগিব৷ House Keeping Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ Mess Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেWaiter/Washer হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Multi Tasking Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেWatchman/Lascar/Gestetner Operator হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স ৩১ আগষ্ট, ২০২১লৈ ১৮–২৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ ৱেবছাইট লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনAir Officer Commanding, Air Force Central Medical Establishment, Subroto Park, New Delhi-110010 নাইব President, Central Airmen Selection Board, Barar Square, Naraina, Delhi Cantt., New Delhi-110010 নাইব Air Officer Commanding, CSDO, AF Subroto Park, New Delhi-110010 নাইব Air Officer Commanding, Air Force Station Sohna Road, Gurugram-122001 নাইব The Presiding Officer, Civilian Recruitment Board (Security of Application), Air Force Record Office, Subroto Park, New Delhi-110010 নাইব Air Officer Commanding, Air Force Central Accounts Office, Subroto Park, New Delhi-110010 নাইব 6 Air Force Liasion Unit, C/o Air Force Station Kanpur, P.O.-Chakeri, Kanpur, UP-208003 নাইব Commanding Officer, 2 Airmen Selection Centre, C/o Air Force Station New Delhi, Race Course, New Delhi-110003 নাইব The Station Commander, Air Force Station, Dist.-Carnicobar, A&N Islands, PIN.-744301 নাইব The Air Force Commanding. Air Force Station, Race Course, New Delhi-110010 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ আগষ্ট, ২০২১৷

You May Also Like

More From Author