৩ বেটেলিয়নত বিটিআৰৰ তিনি হাজাৰ নিবনুৱাক দিব নিযুক্তি

0 min read

‘আমি অকল চাকৰিমুখী হ’লেই নহ’ব৷ আমি কর্ম কৰিব লাগিব৷ আমি কর্ম–সংস্কৃতি জীয়াই ৰাখিব লাগিব৷ মা–দেউতাক শ্রদ্ধা কৰিব লাগিব৷’– এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  এটা প্রাক নিয়োগ প্রশিক্ষণ কেন্দ্র মুকলি কৰি তেওঁ এই মন্তব্য আগবঢ়ায়৷ তেওঁ পুনৰ কয়– যুৱক–যুৱতীসকলে জীৱনৰ প্রতিটো মুহূর্ত সৎ কামত ব্যৱহাৰ কৰিব লাগিব৷ অসমৰ ১০টা বেটেলিয়নৰ ৩টা বিটিআৰৰ কাৰণে থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত তিনি হাজাৰ বিটিআৰৰ যুৱক–যুৱতীক নিয়োগ কৰা হ’ব৷ বডোৱে আকৌ কয়– অসমৰ মুখ্যমন্ত্রীয়ে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছে৷ গতিকে চাকৰি ল’ব খোজাসকলে প্রথমে নিজকে সক্ষম কৰি তুলিব লাগিব৷ মনৰ পৰা ঋণাত্মক চিন্তা বাদ দিব লাগিব৷ সৰুৰে পৰা পৰিশ্রমী হ’ব লাগিব৷ ছাত্র–ছাত্রীসকলে জীৱনৰ ১৮–৩৫ বছৰৰ ভিতৰত শ্রেষ্ঠখিনি উজাৰি দিব লাগিব৷ এতিয়া সুবিধা আহিছে, কষ্ট কৰি এই সুবিধা গ্রহণ কৰিব লাগিব৷

সফল হ’বলৈ কঠোৰ পৰিশ্রম কৰিব লাগিব বুলি উল্লেখ কৰি বিটিচিৰ মুখ্য কার্যবাহী গৰাকীয়ে কয়– চেষ্টা কৰিলে সফল হ’বই৷ মই জীৱনত বহু কষ্ট কৰি আজিৰ এই অৱস্থা পাইছোঁ৷ যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাহস কৰিছেছা৷ সমগ্র বিটিআৰত এনেকুৱা ৩২টা প্রশিক্ষণ কেন্দ্র স্থাপন কৰা বুলি জানিবলৈ দি পৰৱর্তী সময়ত এই কেন্দ্রসমূহ স্থায়ী কৰাৰ লগতে নিবনুৱা যুৱক–যুৱতীসকলৰ্ সুবিধার্থে ইনফৰমেচন আৰু স্কীল কেন্দ্র মুকলি কৰাৰ আশ্বাস দিয়ে বিটিচিপ্রধান প্রমোদ বডোৱে৷

ইউপিপিএল নেতা জিতেন মোছাহাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ কাতিৰাম বডো, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, পবিত্র বডো, চম্পাৱতী ডেকা, ইউপিপিএলৰ কেন্দ্রীয় সমিতিৰ প্রশাসনিক সম্পাদক মুজিব আলী আহমেদ, তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী, ভাৰপ্রাপ্ত সম্পাদক বীৰেন দাস, তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ সভাপতি ৰমিত স্বর্গীয়াৰীকে ধৰি কেইবাগৰাকীও নেতা–কর্মী আৰু কেইবা শতাধিক প্রশিক্ষার্থী উপস্থিত থাকে৷

You May Also Like

More From Author