ধৰ্ষণৰ অডিঅ‘ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি আটক ধৰ্ষণকাৰী

1 min read

হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত এগৰাকী নাবালিকাৰ ধৰ্ষণৰ লগত জড়িত থকাৰ অভিযাগত হোজাই জিলা আৰক্ষীয়ে মঙলবাৰে এজন যুৱকক আটক কৰে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰায় এসপ্তাহ ধৰি ধৰ্ষণৰ এই ঘটনাক গাপ দি ৰখাৰ পাছত হোজাই জিলা আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

হোজাই জিলা আৰক্ষীয়ে এটা অডিঅ’ ক্লিপৰ ভিত্তিত অভিযান অব্যাহত ৰাখি এই ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক কৰে ৷ জানিব পৰা অনুসৰি, অঞ্চলটোৰ একাংশ লোকে নাবালিকাগৰাকীৰ পৰিয়ালক ভয়-ভাবুকি আৰু ধনৰ টোপ দি এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে এসপ্তাহে ১৫ বছৰীয়া কিশোৰীগৰাকীৰ ধৰ্ষণৰ ঘটনাটো গাপ দি ৰাখিবলৈ বাধ্য হৈছিল ৷

হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, উপ-আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ আৰু লংকাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাৰ তৎপৰতাত অৱশেষত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীয়ে আটক কৰা যুৱকজন লস্কৰ পথাৰৰ নাচিৰ উদ্দিন বুলি জানিব পৰা হৈছে ৷ ইতিমধ্যে লংকা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 376 (3) আৰু RW POCSO আইনৰ অধীনত নাচিৰ উদ্দিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷

a-young-girl-in-hojai-accused-of-rape

নাচিৰ উদ্দিনে প্ৰায় ১০ দিন পূৰ্বে লংকাৰ দক্ষিণ লস্কৰ পথাৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ বিভিন্ন ভয় ভাবুকিৰে ধৰ্ষণ কৰিছিল ৷ তাৰ পিছতে নাচিৰ উদ্দিনে এই সমগ্ৰ ঘটনাৰ অডিঅ’ ৰেকৰ্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে ৷ আনহাতে এই ঘটনাক গাপ দিবলৈ গাঁওখনৰে কেইবাজনো ব্যক্তিয়ে ভুক্তভোগী পৰিয়ালটোক ভয়-ভাবুকি দিয়াৰ লগতে ধনৰ টোপ দি ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছিল । অৱশেষত ম’বাইল যোগে ভাইৰেল হোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ সম্প্ৰতি চাইল্ড লাইনে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰিছে ৷

You May Also Like

More From Author