নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

1 min read

ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তই ৷ ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ধেমাজি জিলা ৷

নন্দিতা শইকীয়া আৰু কাস্মিনা দত্তক ন্যায় প্ৰদানৰ লগতে আক্ৰমণকাৰী যুৱকজনক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে জিলাখনৰ আছুৰ কাৰ্যালয়ৰ শ্বহীদ উদ্যানৰ পৰা নগৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰীসকলে চহৰখনৰ মাজেৰে সমদল উলিয়াই পুনৰ শ্বহীদ উদ্যানৰ সন্মুখত উপস্থিত হৈ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা আৰু কল্যাণ গগৈয়ে স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকে চহৰখনৰ মাজমজিয়াত এখন আৰক্ষী চকীৰ প্ৰায় ওচৰতে দিন-দুপৰতে দুগৰাকী ছাত্ৰী বৰ্বৰ আক্ৰমণৰ বলি হ’বলগীয়া হোৱাত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷

গঠনটোৰ নেতাদ্বয়ে এই ঘটনাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে নিৰাপত্তাহীনতাত ভোগা বুলি মন্তব্য কৰে ৷ এই বিক্ষোভ কাৰ্যসূচীত মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাকে ধৰি স্থানীয় কেইবাটাও দল-সংগঠন তথা মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

You May Also Like

More From Author