fbpx
August 25, 2021

কৰ্ণাটক চৰকাৰে আই টি কোম্পানীসমূহক ২ বছৰ ঘৰত থাকি কাম কৰাৰ বাবেজনালে আহ্বান

কৰ্ণাটক চৰকাৰে মঙলবাৰে আইটি কোম্পানীসমূহক বেংগালুৰু মেট্ৰ’ নিৰ্মাণ কাৰ্যৰ বাবে আউটাৰ ৰিং ৰোডৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ-২০২২ লৈকে ঘৰৰ পৰায়ে কাম কৰিবলৈ আহ্বান জনায়।

নেচনেল এছ’চিয়েশ্যন অৱ ছফ্টৱেৰ এণ্ড চাৰ্ভিচ কোম্পানীজ (নাছকম)লৈ লিখা এখন পত্ৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগে কয়, “বিএমআৰচিএল-এ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ পৰা কে আৰ পুৰমলৈ থকা আউটাৰ ৰিং ৰোডত মেট্ৰ’ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে আৰু ইয়াৰ নিৰ্মাণ প্ৰায় ১.৫ ৰ পৰা ২ বছৰলৈ বৃদ্ধি হ’ব পাৰে।”

ক’ভিড মহামাৰীৰ পৰিস্থিতিত, আই.টি. কোম্পানীবোৰে ঘৰৰ পৰা কাম কৰি থকাৰ বাবে যান-বাহন চলাচলত কিছু সকাহ প্ৰদান কৰিছে। মেট্ৰ’ নিৰ্মাণ আৰম্ভ হোৱাৰ লগে লগে ইয়াত যান-বাহন চলাচল ব্যৱস্থাপনা কৰাটো অত্যন্ত কঠিন হ’ব,সেইবাবে কৰ্ণাটক চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে।

error: Content is protected !!
%d bloggers like this: