সমাজ কল্যাণ বিভাগত ১২ পদ খালী

1 min read

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ Social Welfare Department, Assam)ত খালী হৈছে ১২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই জনসংযোগ বিভাগৰ জৰিয়তে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আে District Coordinator ২টা পদ ইয়াৰে এটা Nagaon জিলাত আৰু আনটো Tinsukia জিলাত পূৰণ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০ টকা৷Block Coordinatorৰ ৬ পদ পূৰণ হ’বলগীয়া জিলাসমূহ হৈছে Bongaigaon, Dhubri, Goalpara, Jorhat, Kamrup Rural আৰু Udalguri৷ দৰমহাৰ নিৰিখ মাহে ২০,০০০ টকা৷ শেষত,Project Assistant-Block Levelৰ ৪ পদ পূৰণ হ’বলগীয়া জিলাসমূহ হৈছে–Cachar, Kokrajhar, Lakhimpur আৰু Sivasagar৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা৷ আবেদনকাৰীৰ বয়স ১৮–৪০ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

District Coordinator পদৰ প্রার্থী স্নাতক নাইবাComputer Science/IT বিষয়ত ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱাৰ লগতে Application Maintenance আৰুSupport বিষয়ত ২ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷Local Languageত Good Oral আৰু Written Communication Skill থকাটো জৰুৰী৷Computerৰ জ্ঞান থকা হ’ব লাগিব৷

আনহাতে,Project Assistant পদৰ প্রার্থী স্নাতক হ’ব লাগিব৷Community/Local Governmentৰ লগত কাম কৰাৰ ২ বছৰীয়া অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷Local LanguageতGood Oral আৰু Written Communication Skill থকাটো জৰুৰী৷

শেষত, Block Coordinator পদৰ প্রার্থী স্নাতক হোৱাৰ লগতেTechnology আৰুSoftware Application Supportৰ ২ বছৰীয়া অভিজ্ঞতা আৰুLocal Languageত Good Oral আৰু Written Communication Skill থকা হ’ব লাগিব৷ আগ্রহীসকলে নিজ নিজ জিলাৰDistrict Social Welfare Officer Officeত আবেদন কৰিব লাগিব৷

আবেদনৰ লগতProof of Residence হিচাপেVoter ID/PRc/Employment Exchange Registration No./Resident Certificate গাঁঠি দিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ আগষ্ট, ২০২১৷

You May Also Like

More From Author