চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলৰ সোণৰ পদক লাভ

1 min read

আৰ্থিক অনাটনে যে কোনো প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ হ’ল জুৰীয়াৰ আলিটাঙনীৰ এগৰাকী যুৱকৰ ক্ষেত্ৰত। নগাঁও জিলাৰ এক ভিতৰুৱা অঞ্চল আলিটাঙনীৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল কবিৰে ৩১ অক্টোবৰত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চাউথ এছিয়ান গেইমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। উক্ত খেলত ভাৰতীয় দলে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল।

উল্লেখ্য যে ভাৰতীয় দলে নেপালক ৩-২ গলত পৰাস্ত কৰি সোণৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইপিনে, আলিটাঙনীৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আব্দুছ সাহিদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰৰ এই সফলতাৰ বাবে গৌৰাম্বিত বৃহত্তৰ জুৰীয়াৰ আলিটাঙনী অঞ্চল। স্বৰ্ণ কণ্যা হীমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চল আলিটাঙনীৰ পৰা পুনৰ আন এজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ সুনাম কঢ়িয়াই অনাত পৰিয়ালটোৰ লগতে অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে।

You May Also Like

More From Author