দলিত যুৱকৰে বিয়াৰ শাস্তি: অর্ধনগ্ন কৰি নর্মদা নদীত শুদ্ধিকৰণ যুৱতীৰ

0 min read

দলিত সম্প্রদায়ৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী যুৱতীক মধ্যপ্রদেশত অর্ধনগ্ণ কৰি নর্মদা নদীত স্নান কৰাই শুদ্ধিকৰণ চলোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দলিত সম্প্রদায়ৰ যুৱকজনৰ সৈতে বিয়াত বহাৰ বাবেই এই লাঞ্ছনা সহ্য কৰিবলগীয়া হয় যুৱতীগৰাকীয়ে৷ শুদ্ধিকৰণৰ নামত অসংখ্য লোকৰ উপস্থিতিত এনেদৰে অর্ধনগ্ণ অৱস্থাত যুৱতীগৰাকীৰ শুদ্ধিকৰণ কৰা ঘটনাক লৈ ৰাজ্যখনৰ সংবাদ মাধ্যমতো ব্যাপক চর্চা চলিছে৷ লক্ষণীয়ভাৱে যুৱতীগৰাকীৰ পিতৃৰ তত্ত্বাৱধনাতেই এই কার্য সম্পন্ন হয়৷ অৱশেষত ঘৰৰ পৰা পলাই নিজৰ স্বামীৰ ওচৰলৈ পুনৰ পলায়ন কৰিছে যুৱতীগৰাকীয়ে৷ অকল সেয়াই নহয়, এনে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰি নিজৰ নিৰাপত্তাৰ বাবে আৰক্ষীৰ ওচৰ চাপিছে যুৱতীগৰাকীয়ে৷ স্মর্তব্য যে পৰিয়ালৰ অমান্তিত মন্দিৰতে বিবাহ সম্পন্ন কৰিছিল ২৪ বছৰীয়া সাক্ষী যাদৱ আৰু ২৭ বছৰীয়া অমিত আহিৰয়াৰে৷

You May Also Like

More From Author