22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

Assamese Newsবগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

আমাৰ শৰীৰত যদি কিবা অন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰে । লাহে লাহে শৰীৰৰ কোনো ঠাইত বগা ফোট হ’বলৈ ধৰে । এই সমস্যাটোক ভিটিলিগ বা বগা দাগ পৰা বুলি কোৱা হয় ।

আমাৰ ছালকোষৰ কিছু বিসংগতিৰ বাবেই এই বেমাৰ হয় । ই কোনো সংক্ৰামক ৰোগ নহয় । এই ৰোগ হোৱা লোকৰ সৈতে আপুনি যিকোনো ধৰণৰ সম্পৰ্ক কৰিলেও ই কেতিয়াও আন লোকৰ দেহলৈ সংক্ৰমণ নহয় । কাৰণ এই ৰোগ হোৱা লোকজনৰ কেৱল চালৰ ৰং হে সলনি হয়, তাৰ বাহিৰে তেওঁ কোনো অন্য অসুবিধাৰ সন্মুখীন নহয় ।

আৰম্ভণিতে ই দেহৰ কোনো এটা অংগত সৰু ফোটৰ দৰে দেখা যায় । কিন্তু পাছত ই লাহে লাহে দেহৰ চাৰিওফালে বৃদ্ধি হৈ গৈ থাকে । যাৰ পাছত আক্ৰান্ত লোকজন কেতিয়াবা সম্পূৰ্ণ ৰূপে বগা হৈ পৰা দেখা যায় ।

অৱশ্যে চিন্তা কৰাৰ প্ৰয়োজন নাই । এই ৰোগ বিধ হোমিঅ’পেথিক চিকিৎসাৰ জৰিয়তে অতি সহজতে ভাল কৰিব পৰা যায় । এই ৰোগ হ’লে কোনো অভিজ্ঞ চিকিৎসকৰ কাষ চাপক আৰু ইয়াৰ পৰা মুক্ত হওক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!