Advertisement

সৰু ল’ৰা-ছোৱালীয়ে পৃথকে নে অভিভাৱকৰ সৈতে শুব লাগে!

সৰু ল’ৰা-ছোৱালীয়ে পৃথকে নে অভিভাৱকৰ সৈতে শুব লাগে!

সৰু ল’ৰা-ছোৱালীক অভিভাৱকে নিজৰ লগত শুব দিয়াটো ঠিক নে পৃথকে বিচনাত শুব দিয়টো উচিত, তাৰ বিষয়ে সকলো অভিভাৱকৰ মনত প্ৰায়ে এক আঁসোৱাহ থাকে।

ঠিক এনে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনী ‘চাইকোলজি টুডে’ত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, ২ বছৰৰ ওপৰৰ শিশুৱে পিতৃ-মাতৃৰ সৈতে বিচনাত শুব নালাগে বুলি উল্লেখ কৰা হৈছে। অন্যথা, তেওঁলোকৰ শৰীৰ সঠিকভাৱে বিকশিত নহয় আৰু তেওঁলোক আজ্ঞাবাহী হৈ থাকে।

গৱেষণাটোত আৰু কোৱা হৈছে যে, “সন্তানৰ জন্মৰ পিছত, মাতৃয়ে ১ বছৰৰ বাবে একেলগে বিচনাত শুব লাগে। ইয়াৰ পিছত, মাকে তেওঁৰ কোঠাত সৰু বিচনা ৰাখি সন্তানক পৃথকে শুব দিব লাগে।

যেতিয়া শিশুৱে ৫ বছৰ বয়সত উপনীত হয়, তেওঁলোকক পৃথক কোঠা এটাত শুব দিব লাগে। এই কোঠাটো মাক-বাপেকৰ ওচৰত থাকিব লাগে, যাতে শিশুটোৱে নিশা ভয় নকৰে আৰু শান্তিৰে টোপনি মাৰিব পাৰে।

চিকিৎসকসকলে এই সন্দৰ্ভত কয় যে, “প্ৰকৃততে সৰু ল’ৰা ছোৱালীৰ ৭০ শতাংশ বিকাশ তেতিয়া হয় যেতিয়া তেওঁলোকে শুই থাকে। সেয়েহে, শিশুসকলক ৰাতি মুক্তভাৱে শুবলৈ সুযোগ দিয়াটো উচিত। এইটো কেৱল তেতিয়াহে হ’ব পাৰে যদি তেওঁলোকে পৃথক বিচনা বা কোঠাত শুই থাকে।

• মেৰুদণ্ডৰ বিকাশ

শিশুৰ মেৰুদণ্ডৰ বিকাশৰ বাবে, তেওঁলোকে বিচনাত ভালদৰে টোপনি যোৱাটো প্ৰয়োজনীয়। যদি সন্তানে পিতৃ-মাতৃৰ সৈতে একেখন বিচনাত শুই থাকে, তেনেহ’লে তেওঁলোকে বিচৰা ধৰণে আৰু মুক্তভাৱে শুব নোৱাৰিব। এনে পৰিস্থিতিত, সৰু ল’ৰা-ছোৱালীক পৃথকে শুবলৈ দিয়া উচিত।

• শিশু স্বতন্ত্ৰ হয়

চিকিৎসা বিশেষজ্ঞসকলৰ মতে, শিশুসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ পৃথকে শুবলৈ দিয়াটো অতি গুৰুত্বপূৰ্ণ। এনে কৰাৰ দ্বাৰা, তেওঁলোকে তেওঁলোকৰ শোৱা আৰু সাৰ পোৱা সময়ৰ বিষয়ে অৱগত হয়। ইয়াৰ লগতে, তেওঁলোকে তেওঁলোকৰ বিচনা কেনেদৰে পৰিষ্কাৰ ৰাখিব লাগে সেয়াও জানে। যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়।

Shahnawaz Hamza

Related