17 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

যিদিনা ভগৱান‌ শিৱৰ বুঢ়া আঙুলিৰ চিন নাইকিয়া হব সেইদিনা সেই ঠাইখনো শেষ হব

Assamese Newsযিদিনা ভগৱান‌ শিৱৰ বুঢ়া আঙুলিৰ চিন নাইকিয়া হব সেইদিনা সেই ঠাইখনো শেষ হব

দেশৰ এনে এটা শিৱ মন্দিৰ যত শিৱৰ মূৰ্তি অথবা শিৱ লিংগৰ পূজা কৰা নহয়! ( Religious Studies )

*দেশৰ এনে এটা শিৱ মন্দিৰ যত-শিৱৰ মূৰ্তি অথবা শিৱ লিংগৰ পূজা কৰা নহয়।মান্যতা অনুসৰি ইয়াত আছে-ভগৱান শিৱৰ ভৰিৰ বুঢ়া আঙুলিৰ চাপ।সেই বুঢ়া আঙুলিৰ চাপতহে-পূজা-অৰ্চনা কৰে ভক্তই।

*কিন্তু কত আছে-এই বিশেষ মন্দিৰটো? এই বিশেষ মন্দিৰটো আছে-ৰাজস্থানত।

ৰাজস্থানৰ চিৰোহীৰ হিল,ষ্টেচন মাউন্ট আবুৰ পৰা ১১কিলোমিটাৰ দূৰত অচলগড় নামৰ পাহাৰত অৱস্হিত এই শিৱ মন্দিৰটো।

*কেৱল বুঢ়া আঙুলিৰ পূজা কৰায় নহয়,আচৰিত ধৰণে ইয়াত পানী বা গাখীৰ ঢালিলে-সেয়া পাতালৰ ভিতৰলৈ সোমাই যায়।এই মন্দিৰৰ নাম অচলেশ্বৰ মহাদেৱ মন্দিৰ।

*এই মন্দিৰৰ গৰ্ভগৃহত আছে-মহাদেৱৰ বুঢ়া আঙুলিৰ চাপ।মন্দিৰৰ ভিতৰৰ গৰ্ভগৃহত এটা ফালে-ভৰিৰ আঙুলিৰ চিহ্ন এটা আছে।ইয়াক শিৱক সোঁ-ভৰিৰ বুঢ়া আঙুলি বুলি গণ্য কৰা হয়।কোৱা হয় যে-এই বুঢ়া আঙুলিটোৱে মাউন্ট আবু পৰ্ৱত ধৰি ৰাখিছে।যিদিনা বুঢ়া আঙুলিৰ চিন নাইকিয়া হব-সেইদিনা মাউন্ট আবু পৰ্ৱতৰো শেষ হব। ( Religious Studies )

*এই মন্দিৰত মহাদেৱক আগবঢ়োৱা পানী পাতাললৈ সোমাই যায়।মন্দিৰৰ পুৰোহিতে জানিবলৈ দিয়া অনুসৰি-অচলেশ্বৰ মহাদেৱ মন্দিৰ হৈছে-দেশৰ একমাত্ৰ শিৱ মন্দিৰ যত,মহাদেৱৰ বুঢ়া আঙুলিৰ পূজা কৰা হয়।

স্কন্দ পুৰাণত-অৰ্বুদাঞ্চলত ভগৱান শিৱৰ বাসস্থানৰ প্ৰমাণো আছে।কোৱা ভগৱান শিৱ আৰু বিষ্ণুৱে এদিন ৰাতি এই অঞ্চললৈ আহিছিল।এইকাৰণেই অৰ্বুদাঞ্চলক মুনিসকলৰ তাপোশালি বুলি কোৱা হয়।

*এই মন্দিৰত মহাদেৱক অভিষেক কৰা পানী পোনপটীয়াকৈ ভিতৰৰ গহ্বৰলৈ সোমাই যায়।এই মন্দিৰত প্ৰৱেশ দ্বাৰত এটা পঞ্চ ধাতুৰে নিৰ্মিত নন্দীৰ মূৰ্তি আছে।যাৰ ওজন ৪টন। (সংগ্ৰহিত)

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!