21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

কোনসকল পুৰুষ যৌনকৰ্মীৰ কাষলৈ যায়, যৌন সম্পৰ্কৰ বাবে খৰচ কৰে টকা?

Assamese Newsকোনসকল পুৰুষ যৌনকৰ্মীৰ কাষলৈ যায়, যৌন সম্পৰ্কৰ বাবে খৰচ কৰে টকা?

Archives of Sexual Behavior নামৰ জাৰ্নেলত প্ৰকাশিত এই সমীক্ষাপত্ৰৰ কোৱা হৈছে যে, পুৰুষ যৌনকৰ্মীৰ সংখ্যা সমাজত তুলনামূলক ভাবে কম।

সমীক্ষাপত্ৰৰ একেবাৰে আৰম্ভণিতে এটা  স্পষ্টিকৰণ দিছে মনোবিদ শাৰ্লট ডেওগানে(Charlotte Deogan)। কিয় এই সমীক্ষাত কেৱল পুৰুষক অন্তৰ্ভুক্ত কৰা হৈছে, সেই কথাও স্পষ্ট কৰি দিছে।

Archives of Sexual Behavior নামৰ জাৰ্নেলত প্ৰকাশিত এই সমীক্ষাপত্ৰৰ কোৱা হৈছে যে, পুৰুষ যৌনকৰ্মীৰ সংখ্যা সমাজত তুলনামূলক ভাবে কম। সেইদৰে শাৰীৰিক সম্পৰ্কৰ বাবে মহিলাৰ তুলনাত পুৰুষৰ প্ৰৱণতা বেছি। সেই কাৰণেই ১৬ৰ পৰা ৮৪ বছৰলৈকে প্ৰায় ৬০০০গৰাকী পুৰুষক সামৰি লৈ সমীক্ষা চলাইছিল মনোবিদ আৰু তেওঁৰ সহায়কাৰী দলে।

শাৰ্লটে জনাইছে যে, এই ক্ষেত্ৰত তেওঁলোকে সমীক্ষাত সামৰি লোৱা লোকসকলক এখন ফৰ্ম ফিলআপ কৰিবলৈ দিছিল, তেওঁলোকৰ যৌনজীৱনৰ উপভোগ্যতাৰ ভিত্তিত। দেখা গৈছে- যে সকলো পুৰুষে নিষিদ্ধ এলেকালৈ যায় আৰু যৌন সম্পৰ্কৰ বাবে টকা খৰচ কৰে। কাৰোৰে যৌন জীৱন উপভোগ্য নহয়। একাংশই নিজৰ সংগীৰ কাষত থাকি আনন্দ অনুভৱ নকৰে। আন একাংশৰ আকৌ সংগীৰ অভাৱ।

সমীক্ষাটোত পোহৰলৈ আহে যে, কম বয়সৰ লোকতকৈ বেছি বয়সৰ পুৰুষে চেক্সৰ বাবে অধিক টকা খৰচ কৰে। ইয়াত অৰ্থনৈতিক, মানসিক কাৰণৰ লগতে  সংগীৰ সহজলভ্যতাৰ প্ৰসংগও আনিছে শাৰ্লটে।

কিন্তু বয়সীয়াল পুৰুষৰ ক্ষেত্ৰত এটা সময়ত এয়া কোনো অবাস্তৱ নহয়। বয়সৰ বাবে জীৱন সংগী পোৱাত অসুবিধা হয়। দীৰ্ঘদিন ধন উপাৰ্জন কৰাৰ বাবে টকাও হাতত থাকে। শাৰীৰিক সুখৰ বাবে টকা খৰচ কৰিব বিচাৰে। এই দাবী কৰিছে মনোবিদজনে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!