21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

অত্যাধিক যৌন ইচ্ছা বেমাৰৰ লক্ষণ নে কি?

Assamese Newsঅত্যাধিক যৌন ইচ্ছা বেমাৰৰ লক্ষণ নে কি?

জটিল প্ৰশ্নৰ বিশেষজ্ঞৰ উত্তৰ।

প্ৰশ্নঃ মই ২২বছৰীয়া আৰু মই তামিলনাডুত থাকো। মোৰ যৌন ইচ্ছা মোৰ বশত নাথাকে। মই ইয়াৰ প্ৰতি অভ্যস্ত হৈ পৰিছো। মোক সহায়ৰ প্ৰয়োজন। মই এই সন্দৰ্ভত আহিবলগীয়া চিন্তাৰ পৰা পিচ এৰুৱাব খুজিছো। ইয়াৰ কাৰণে মোৰ এগৰাকী চেক্সটিং পাৰ্টনাৰ লাগে যাৰ সৈতে মই চেক্স চাট কৰিব পাৰো যেতিয়া এইধৰণৰ চিন্তা মোৰ মূৰলৈ আহে।

উত্তৰঃ ‘চেক্স আসক্ত’ বা অতিমাত্ৰা যৌন ইচ্ছা থকাটো এনেকুৱা এটা গণ্ডগোল যাৰ চিকিৎসা আছে। ইয়াৰ কাৰণ কেইবাটাও হ’ব পাৰে যেনে অৱসাদ, ডিপ্ৰেচন, চিন্তা বা চেক্সৰ বিষয়ে লজ্জাৰ ভাৱ। এই ক্ষেত্ৰত মনোৰোগ চিকিৎসকে ভালকৈ সহজে চিকিৎসা কৰিব পাৰে। যেতিয়া কোনো ব্যক্তিয়ে বাৰে বাৰে নিজকে যৌন গতি–বিধিৰ সৈতে জৰিত হোৱাৰ পৰা ৰক্ষা কৰিন নোৱাৰে তেতিয়া সেই ব্যক্তিজনৰ ক্ষেত্ৰত ক’ব পাৰি যে তেওঁ যৌন আসক্ত। যদি আপোনাৰ লাগিছে যে আপুনি নিজৰ যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে ভয়ংকৰ যৌন ব্যৱহাৰত লিপ্ত হৈছে বা ইয়াৰ পৰা আপুনি বা পৰিয়ালৰ লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে তেনেহ’লে মই আপোনাক পৰামৰ্শ দিম যে আপুনি কোনো চিকিৎসকৰ পৰামৰ্শ লওক।

অৱশ্যে নিজৰ বিষয়ে আপুনি যিখিনি কৈছে তাৰ পৰা লাগিছে যে আপুনি এই সন্দৰ্ভত নিৰুৎসাহিত হৈছে যে আপুনি যৌন গতিবিধিত লিপ্ত হ’ব পৰা নাই যি আপোনাক আনন্দ দিব পাৰে। চেক্সৰ অত্যাধিক আকাংক্ষাৰ কাৰণে এয়া হোৱা নাই। এইটোৰ সৈতে যুঁজাৰ বিকল্প আছে।

সকলোতকৈ স্থায়ী পদ্ধতি হৈছে হস্তমৈথুন। এই নিজৰ ভিতৰতে আনন্দ দিয়া এক গতিবিধি। হ’ব পাৰে যে আপোনাৰ কাৰণে সংগী থাকিলেহে যৌন ইচ্ছা পূৰণ হয়। এইটো সঠিক নহয়। নিজকে আনন্দ দিয়া কাৰ্যও যথেষ্ট সুখকৰ। হস্তমৈথুন নিজৰ ভিতৰতে এক সম্পূৰ্ণ যৌনক্ৰিয়া।

যদি তথাপিও আপোনাক গতিবিধিৰ কাৰণে কোনো সংগী লাগে তেনেহ’লে ডেটিং এপৰ সহায় ল’ব পাৰে। অৱশ্যে তাত যদি ‘না’ শুনিছে তেনেহ’লে সেয়া স্বীকাৰ কৰিবলৈ লওক।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!