Advertisement

মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে :ৰাজ্যিক বিজেপি প্ৰধান

মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে :ৰাজ্যিক বিজেপি প্ৰধান

মেঘালয়ৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাজ্যিক অধ্যক্ষ আৰ্নেষ্ট মাৱৰীয়ে কয় যে “গোমাংস খোৱাৰ ওপৰত কোনো বাধা নাই”। তেওঁৱো গো মাংস খাই বুলি জনায়।

সংবাদ সংস্থা এ এ আইৰ আগত তেওঁ কয় যে, “মই আন ৰাজ্য সমূহে গৃহীত কৰা প্ৰস্তাৱৰ ওপৰত বিবৃতি দিব নোৱাৰো। মই মেঘালয়ত থাকো, ইয়াত সকলোৱে গোমাংস খায়। আৰু এই ক্ষেত্ৰত কোনো বাধা নাই”।

তেওঁ লগতে কয় যে, হয়, মইও গো মাংস খাওঁ। মেঘালয়ত কোনো নিষেধাজ্ঞা নাই। এয়া হৈছে মানুহৰ জীৱনশৈলী। কোনোৱে এই ক্ষেত্ৰত বাধা দিব নোৱাৰে। ভাৰততো তেনে কোনো নিয়ম নাই। কিছুমান ৰাজ্যই কিছুমান আইন আনিছে। মেঘালয়ত কসাইখানা আছে য’ৰ পৰা সকলোৱে গৰু বা গাহৰি মাংস লয়।

বিজেপি খ্ৰীষ্টান বিৰোধী দল বুলি বহু ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত তেওঁ কয় যে এয়া কেৱল নিৰ্বাচনী প্ৰচাৰ। প্ৰায় ৯ বছৰ ধৰি এন ডি এৰ লগত জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে আজিলৈকে মেঘালয়ত গীৰ্জা আক্ৰমণ হোৱা দেখা নাই। মেঘালয় এক খ্ৰীষ্টান অধ্যুষিত ৰাজ্য য’ত সকলোৱে গীৰ্জালৈ যায়।”

Shahnawaz Hamza

Related