25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

এইবাৰ শিলচৰত স্বামী হত্যা!

Assamese Newsএইবাৰ শিলচৰত স্বামী হত্যা!

গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি ঘটিল শিলচৰত৷ কাপোৰ কটা কেঁচীৰে বুকুত হানি–খুঁচি পত্নীয়ে নির্মমভাৱে হত্যা কৰিলে স্বামীক৷ এহ বর্বৰ হত্যাকাণ্ড সংঘটিত হৈছে মঙলবাৰে নিশা শিলচৰৰ মেহেৰপুৰ এলেকাৰ কাবিডৰাত৷ ঘৰৰ ভিতৰতে স্বামী ফৰমিন ডদ্দিন লস্কৰক কেঁচীৰে হানি–খুঁচি হত্যা কৰে পত্নী মাম্পী বেগম লস্কৰে৷ নৃশংস কাণ্ডটো সংঘটিত কৰাৰ পাছত শিলচৰ সদৰ থানাত গৈ আত্মসমর্পণ কৰে হত্যাকাৰী মাম্পী বেগম লস্কৰে৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এহ জঘন্য হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ মৃত ফৰমিনৰ ঘৰ হাহলাকান্দিৰ লালাৰ ৰাজেশ্বৰপুৰত৷

দীর্ঘদিন ধৰি স্ত্রী–সন্তানৰ সৈতে তেওঁ শিলচৰৰ কাবিডৰাত ভাৰাঘৰত আছিল৷ পেছাত অটোচালক ফৰমিন৷ পাৰিবাৰিক সংঘাতৰ বাবেই এহ জঘন্য হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও সমগ্র বিষয়টো বর্তমান পর্যন্ত স্পষ্ট হোৱা নাই৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ মৃত ফৰমিনৰ পিতৃ হাহলাকান্দি জিলাৰ লালাৰ ৰাজেশ্বৰপুৰ সপ্তম খণ্ডৰ জামাল ডদ্দিন লস্কৰে শিলচৰ সদৰ আৰক্ষী থানাত ডপস্থিত হৈ হত্যাকাৰী মাম্পী বেগম লস্কৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷ তেওঁ জানিবলৈ দিয়া মতে, দহবছৰ পূর্বে হছলামিক চৰিয়তৰ বিধান অনুসৰি তেওঁৰ সন্তান ফৰমিনৰ সৈতে শিলচৰ কাবিডৰা এলেকাৰ মাম্পী বেগম লস্কৰৰ বিবাহ হৈছিল৷ পাছত মেহেৰপুৰ কাবিডৰা এলেকাৰ বাহাৰুল হছলাম লস্কৰৰ ঘৰত ভাৰা লৈ স্বামী–স্ত্রী হিচাপে বসবাস কৰিছিল৷ তেওঁলোকৰ দুটা পুত্র সন্তান আছে৷ কালি নিশা ৯.৩০ মান বজাত স্বামী–স্ত্রীৰ মাজত কাজিয়া হৈছিল৷ তাৰ মাজতে হঠাৎ মাম্পী বেগম লস্কৰে ডত্তেজিত হৈ এখন কেঁচীৰে ফৰমিনৰ বুকু, ডিঙি আৰু মুখত আঘাত কৰে৷ হয়াৰ ফলত ফৰমিন মাটিত পৰি যায় আৰু তেজেৰে লুতুৰি–পুতুৰি হৈ পৰে৷ পাছত ফৰমিনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ এহ হত্যাকাণ্ডৰ উপযুক্ত শাস্তিৰ দাবি জনায় তেওঁ৷

হপিনে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে সাংবাদিকৰ আগত হত্যাকাণ্ড সন্দর্ভত কয় যে কালি নিশা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে ফোন কৰি হাস্পতালত ফৰমিন ডদ্দীন লস্কৰ নামৰ এজন যুৱকক গুৰুতৰভাৱে আহত অৱস্থাত অনা হৈছে বুলি কয়৷ পাছত আৰক্ষী ঘটনাস্থলীত ডপস্থিত হয়৷ হত্যা কৰি মাম্পী বেগম লস্কৰ শিলচৰ সদৰ থানাত ডপস্থিত হৈ স্বামীক হত্যা কৰিছে বুলি জানিবলৈ দিয়ে৷ আৰক্ষীয়ে তেতিয়া মাম্পীক গ্রেপ্তাৰ কৰে৷ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয় যে পাৰিবাৰিক অশান্তিৰ ফলতেহ এনে ঘটনা সংঘটিত হৈছে৷ ফৰমিন ডদ্দীন লস্কৰ এজন অটোচালক আছিল৷ তেওঁ প্রায়ে মদ্যপান কৰি ঘৰলৈ আহি পত্নীক মাৰপিট কৰিছিল৷ হয়াৰ বাবেহ স্বামীক হত্যা কৰাৰ কথা মাম্পী বেগম লস্কৰে স্বীকাৰ কৰিছে বুলি আৰক্ষী অধীক্ষক নোমল মাহাতোৱে জানিবলৈ দিয়ে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!