20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

এই কথাৰ দ্বাৰা আপুনি জানিব যে-ভগৱান আপোনাৰ লগত আছে নে নাই

Assamese Newsএই কথাৰ দ্বাৰা আপুনি জানিব যে-ভগৱান আপোনাৰ লগত আছে নে নাই

কোৱা হয়-ভগৱান সকলোতে আছে।কেৱল চাব জানিব লাগিব।আমাৰ ভাৰত দেশত বহু ভগৱানক পূজা কৰা হয়। ( Religious Studies )

এজন ভক্ত আৰু ভগৱানৰ কথাৰে-

জন্মৰ আগতে এটি সৰু লৰাই ভগৱানক কয় যে-প্ৰভূ আপুনি মোক নতুন জন্ম নিদিব।পৃথিৱীত বেয়া মানুহ থাকে।মই তালৈ যাব কদাপি নিবিচাৰো।আৰু এয়া য় সৰু লৰাটো উদাশ হৈ বহিল।

ভগৱানে স্নেহ পূৰ্ৱক-সৰু লৰাটোৰ মূৰত হাত ফুৰাই লৈ আৰু সৃষ্টিৰ নিয়ম অনুসাৰে-সৰু লৰাটোক জন্ম লোৱাৰ মহত্বৰ কথা কয়।কিছু সময় মনা কৰাৰ পাছত সৰু লৰাটো মান্তি হয়।কিন্তু সৰু লৰাটোৱে ভগৱানক কয় যে-আপুনি মোক এটা প্ৰতিজ্ঞা কৰিব লাগিব।

ভগৱান-

কোৱা,পুত্ৰ-তুমি কি বিচাৰিছা!

সৰু লৰা-

আপুনি মোক প্ৰতিজ্ঞা কৰক যে-যেতিয়ালৈ মই পৃথিৱীত থাকিম,আপুনিও মোৰ লগত থাকিব।

ভগৱান-

অৱশ্যে,তেনেকুৱাই হব। ( Religious Studies )

সৰু লৰা-

পৃথিৱীতটো আপুনি অদৃশ্য হৈ থাকে।কিন্তু মই কেনেদৰে যানিম যে-আপুনি মোৰ লগত আছে বুলি!

ভগৱান-

যেতিয়া তুমি চকু দুটা বন্ধ কৰিবা,তেতিয়া তুমি মোৰ ভৰিৰ চিহ্ন দেখা পাবা।তেতিয়া তুমি বুজিবা যে-মই তোমাৰ লগত আছো।

তেতিয়া সেই সৰু লৰাটোৰ জন্ম হয়।তাৰপাছত সৰু লৰাটো সাংসাৰিক জীৱনত সুমাই লৈ ভগৱানৰ লগত হোৱা বাৰ্তালাপৰ কথা পাহৰি যায়।কিন্তু সেই সৰু লৰাটোৰ মৃত্যুৰ সময়ত-এই কথা সমূহ মনত পৰে যেতিয়া-সৰু লৰাটোৱে ভগৱানৰ বচনক পুষ্টি কৰিব বিচাৰিছিল।

সৰু লৰাটৈৱে যেতিয়া চকু দুটা বন্ধ কৰি-জীৱনৰ কথা মনত পেলায়-তেতিয়া সি জন্মৰ সময়ৰ পৰাই দুখন ভৰি দেখা পায়-কিন্তু যেতিয়া বেয়া সময় আৰম্ভ হল-তেতিয়া সি কেৱল এটা ভৰিহে দেখিছিল।এয়াকে ভাৱি সি দুখী হৈছিল।

সৰু লৰাটোৱে কৈছিল যে-ভগৱান আপুনি আপোনাৰ প্ৰতিজ্ঞা পূৰ্ণ নকৰিলে।সেই সময়ত মোক অকলশৰীয়া কৰি দিলে-যেতিয়া মোক আপোনাৰ অধিক প্ৰয়োজন হৈছিল।সৰু লৰাটো মৰাৰ পাছত ভগৱানৰ ওচৰলৈ গৈ পায়-আৰু কয় যে-প্ৰভূ-আপুনিটো কৈছিল-আপুনি প্ৰতিটো সময়তে মোৰ লগত থাকিব বুলি।

কষ্টৰ সময়ত মই আপোনাৰ ভৰি দুখন কিয় দেখা নাপালো!

ভগৱানে-

হাঁহি এটি মাৰি কলে-

পুত্ৰ-তুমি যেতিয়া কঠিন পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিছিলা-তেতিয়া মোৰ হৃদয় দ্ৰৱিত হৈ উঠিল আৰু মই তোমাক মোৰ কোলাত উঠাই ললো।সেইবাবে তুমি মোৰ ভৰি দুখনৰ চিহ্ন দেখা নাপালা।

কাহিনীৰ পৰা শিক্ষা-

এই কাহিনীৰ পৰা আমি এই শিক্ষা পাঁও যে-ভগৱান প্ৰতিটো ঠাইতে আমাৰ লগত থাকে।বহু বাৰ আমাৰ জীৱনলৈ বেয়া সময় আহে-কিন্তু কিছু সময়ৰ পাছত সকলো ঠিক হয় যায়।আমি এই চিন্তা কৰো যে-আমাৰ লগত বেয়া হব-কিন্তু যিমান ভাবো,সিমান বেয়া নহয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!