22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মাজুলী সংযোগী গেছ পাইপ লাইনৰ নিৰ্মাণ সংস্থাই ব্যৱহাৰ কৰা গধুৰ বাহনে বিধ্বস্ত কৰা পথত জাঁজীমুখৰ সাধাৰণ জনতাই ভুগিছে যমৰ যান্ত্ৰনা

Assamese Newsমাজুলী সংযোগী গেছ পাইপ লাইনৰ নিৰ্মাণ সংস্থাই ব্যৱহাৰ কৰা গধুৰ বাহনে বিধ্বস্ত কৰা পথত জাঁজীমুখৰ সাধাৰণ জনতাই ভুগিছে যমৰ যান্ত্ৰনা

টীয়কৰ প্ৰতিবেদক ২৫ ফেব্ৰুৱাৰী/২৩: মাজুলী-যোৰহাট সংযোগী দলং,মাজুলী সংযোগী গেছ পাইপ লাইনৰ নিৰ্মাণ সংস্থাই ব্যৱহাৰ কৰা গধুৰ বাহনে বিধ্বস্ত কৰা টীয়কৰ জাঁজীমুখ প্লেটফৰ্ম- হাতীশাল সংযোগী পথত এতিয়া সাধাৰণ জনতাই ভুগিছে যমৰ যান্ত্ৰনা । সাধাৰণ ৰাইজৰ প্ৰতি নুন্যতম অনুকম্পা নাই নিৰ্মাণ সংস্থা দুটাৰ । সাধাৰণ ৰাইজৰ প্ৰতি আওকাণ কৰি নিৰ্মাণ সংস্থা দুটাই নিৰ্মাণ স্থলীলৈ আৱশ্যকীয় যন্ত্ৰপাতি সমূহ সৰবৰাহ কৰা বৃহৎ বাহন সমূহে পথটোৰ বিধ্বস্ত কৰিছে যদিও পথটোৰ মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ।ক্ষোভিত ৰাইজে পথটোৰে গধুৰ বাহন চলাচলত বাধা প্ৰদান কৰিছিল যদিও নিৰ্মাণ সংস্থাই আৰক্ষীৰ সহযোগত পথ মুকলাই লোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৱশ্যে দুদিনৰ ভিতৰত পথটো মেৰামতি নকৰিলে পুনৰ পথ বন্ধ কৰাৰ হুংকাৰ দিছে গাঁওবাসীয়ে।অৱশ্য দুয়োটা কাম অনতি পলমে সম্পূৰ্ণ হোৱাতো সমগ্ৰ জাজীমুখবাসীৰ লগতে টীয়কবাসীয়ে কামনা কৰিছে যদিও এই মূল পথটো এইদৰে থাকিলে স্কুল কলেজৰ ছাত্ৰ,ছাত্ৰীৰ লগতে ৰাইজ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু সেয়ে অন্তত ৰাইজৰ সুবিধাৰ্থে পথটো শীঘ্ৰেই মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!