17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

পশ্চিম বিলাসীপাৰাৰ মহামায়াত UPPLৰ যোগদান কাৰ্যসূচী।প্ৰায় ১০০০ ৰো অধিক কৰ্মীৰ UPPLত যোগদান।

Assamese Newsপশ্চিম বিলাসীপাৰাৰ মহামায়াত UPPLৰ যোগদান কাৰ্যসূচী।প্ৰায় ১০০০ ৰো অধিক কৰ্মীৰ UPPLত যোগদান।

সমাগত লোকসভা নিৰ্বাচন | নিৰ্বাচনক কেন্দ্ৰ কৰি নামনি অসমত আৰম্ভ হৈছে নিৰ্বাচনী কুজকাৱাজ | সমান্তৰাল কৈ উঠিছে দল বাগৰা ৰাজনীতি | পিছ পৰি থকা নাই বিটিচি প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL ,
আজি পশ্চিম বিলাসীপাৰাৰ মহামায়াত অনুষ্ঠিত যোগদান সভাত বিভিন্ন দলৰ পৰা সহস্ৰাধিক লোকে ইউ পি পি এল’ত যোগদান কৰে |
দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ ওচৰত মুলত বি পি এফ দলৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ পৰা সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ইউ পি পি এলত যোগদান কৰে | বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কৰ্ম নীতি আৰু ইউ পি পি এল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ নেতা কৰ্মী সকলে ইউ পি পি এলত যোগদান কৰে বুলি দলৰ সাধাৰণ সম্পাদক নাৰ্জাৰীয়ে কয় |
ইউ পি পি এলৰ কোকৰাঝাৰ জিলা সভাপতি প্ৰশেস কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহামায়া সমিতিৰ সভাপতি আব্দুছ কালাম সেখৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে |

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!