18.4 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

ভুল হ’ল বুলিয়েই সাৰি যাব নেকি আৰক্ষী ? ন্যায় পাবনে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালটোৱে ?

Assamese Newsভুল হ'ল বুলিয়েই সাৰি যাব নেকি আৰক্ষী ? ন্যায় পাবনে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালটোৱে ?

ৰৌতাৰ একাউণ্টাৰ ঘটনাত প্ৰকৃততে মৃত্যু হৈছিল কাৰ?দুধৰ্ষ ডকাইত কেনাৰাম বসুমাতাৰী নে সাধাৰণ কৃষক ডিম্বেশ্বৰ মুছাহাৰীৰ? সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য।

শুকুৰবাৰে ৰৌতাত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনাই লৈছে নতুন মূৰ। আৰক্ষীৰ এনকাউণ্টাৰত নিহত লোকজন নাছিল দুধৰ্ষ ডকাইত কেনেৰাম বসুমতাৰীৰ। এই দাবী এগৰাকী মহিলাৰ।

মহিলাগৰাকীৰ দাবী আৰক্ষীয়ে তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰীক হে গুলীয়াই হত্যা কৰিলে। এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন প্ৰকৃততে নিৰ্দষী কৃষক ডিম্বেশ্বৰ মুছাহীৰহে।

উল্লেখযোগ্য যে, শুকুৰবাৰে আৰক্ষীৰ এনকাউণ্টাৰত কেইবাটাও বেংক ডকাইতিৰ লগত জড়িত আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুধৰ্ষ ডকাইত কেনেৰাম বসুমতাৰী মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল। এনকাউণ্টাৰস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এট পিষ্টলো।

আৰক্ষীয়েও এনকাউণ্টাৰত নিহত হোৱা কেনাৰাম বসুমতাৰীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ চমজাই দিছিল পৰিয়ালক। পৰিয়ালৰ লোকেও গ্ৰহণ কৰিছিল সেই মৃতদেহ।

ঘৰৰ পদুলিত কেনাৰামৰ পত্নীয়ে মৃতদেহ চাই কান্দোনত ভাঙি পৰিছিল।কিন্তু হিন্দু ধৰ্মাৱলম্বী হোৱাৰ পিছতো পৰৱৰ্তী সময়ত ৰহস্যজনক ভাৱে সেই মৃতদেহ ধৰ্মীয় ৰীতি অনুসৰি দাহ কৰাৰ পৰিৱৰ্তে কৱৰস্থ কৰা হৈছিল। যাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

কিন্তু আজি সেই মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি দাবী উত্থাপন হওতেই সলনি হৈছে দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰীৰ পৰিয়ালৰ লোকৰ ভাষ্যও। আৰক্ষীৰ উপস্থিতিত এতিয়া পুনৰ কৱৰ খান্দি উলিয়াই অনা হ’ব এই মৃতদেহ।

পুনৰ দুয়োপক্ষৰ উপস্থিতিত চিনাক্ত কৰা হ’ব প্ৰকৃততে এনকাউণ্টাৰত নিহত হোৱা এই লোকজন কোন? দুধৰ্ষ ডকাইত কেনাৰাম নে নিৰ্দোষী কৃষক ডিম্বেশ্বৰ।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!