23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

নগাঁৱত দুদিনীয়াকৈ CSS-ATMAৰ উদ্যোগত কৃষক মেলা

Assamese Newsনগাঁৱত দুদিনীয়াকৈ CSS-ATMAৰ উদ্যোগত কৃষক মেলা

নিউজ ব্যুৰ’,নগাঁও,২৮ফেব্ৰুৱাৰী:–নগাঁও জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (CSS-ATMA)ৰ উদ্যোগত সোমবাৰৰ পৰা নগাঁৱত আয়োজন কৰা হৈছে কৃষক মেলা ৷ নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজিত হোবা এই কৃষক মেলাখনিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উদ্বোধনী ভাষণত বিধায়ক ৰূপক শৰ্মাই কৃষক সকলক উদ্দেশ্যি কয় যে কৃষকসকল আমাৰ বাবে দেশৰ ধৰণী স্বৰূপ । কৃষকসকলে আজি আমাক দুবেলা দুমুঠি অন্ন যোগান ধৰাত বিশেষভাবে অৰিহণা আগবঢ়াই আহিছে । কৃষকসকলৰ আয় যাতে বৰ্তমান অধিক বৃদ্ধি হয় ৷

তেওঁলোকে কৰা বিভিন্ন প্ৰকাৰৰ খেতি সমূহৰ বাবে যি কৃষি বীমাকৰণ পদ্ধতি আছে বা চৰকাৰীভাৱে কৃষকসকলে পাব লগীয়া সকলোখিনি চৰকাৰী সুবিধা যাতে লাভ কৰিব পাৰে তাৰ ওপৰত বিধায়ক গৰাকীয়ে আলোকপাত কৰে । আনহাতে,এই অনুষ্ঠানতে আয়োজিত প্ৰদৰ্শনীখনৰ দ্বাৰো মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জিলা কৃষি বিভাগৰ উদ্যান শস্যৰ সমন্বয়ক পংকজ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত নগাঁও জিলা কৃষি বিভাগৰ জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ গগৈ, চিলঙনীস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰা,কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী নিৰঞ্জন ডেকা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুণিমা দেব চৌধুৰী,এপাৰ্টৰ ন’ডেল বিষয়া ভদ্ৰ কুমাৰ বৰা,নগাঁও মহকুমা কৃষি বিষয়া ৰকিবুল ফাৰুকীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক উদ্যমী কৃষক উপস্থিত থাকে ৷ উল্লেখ্য যে বিভিন্ন কৃষি ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰাৰ লগতে কৃষকসকলৰ আয় যাতে দুগুণ বৃদ্ধি হয় সেই উদ্দেশ্য আগত ৰাখিয়েই এই কৃষক মেলাখনিৰ আয়োজন কৰা হৈছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!