26.6 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

জটিল ৰোগত আক্ৰান্ত কণমানি সমৃদ্ধ; প্ৰয়োজন আপোনাৰ অকণমান প্ৰাৰ্থনা আৰু সাধ্যনুসৰি আৰ্থিক সাহায্যৰ…..

Assamese Newsজটিল ৰোগত আক্ৰান্ত কণমানি সমৃদ্ধ; প্ৰয়োজন আপোনাৰ অকণমান প্ৰাৰ্থনা আৰু সাধ্যনুসৰি আৰ্থিক সাহায্যৰ.....

একধৰণৰ জটিল ৰোগত আক্ৰান্ত কণমানি সমৃদ্ধ ! আপোনাৰ সহায় আৰু প্ৰাৰ্থনাই দেৱশিশুটিক দিব পাৰে ন-জীৱন ৷ এটি কণমানি দেৱশিশু ।

পিতৃ-মাতৃৰ কোলা শুৱনি কৰি ঘৰখন পোহৰাই তুলিছিল কণমানিটিয়ে । তাৰ খিলখিল হাঁহিয়ে সকলোৰে হৃদয়ত চেনেহৰ নৈ বোৱাইছিল । পিতৃ-মাতৃ আৰু কণমানি ককায়েকৰ সৈতে দেৱশিশুটিয়ে ঘৰখনত ৰচিছিল সৰগ । বিপ্লৱজ্যোতি গোঁহাই আৰু চুমি দত্তৰ সন্তান সমৃদ্ধজ্যোতি গোঁহাই ।

কণমানিটিয়ে ছমাহত ভৰি দিছিলহে মাঁথো, তেনেতে আহিল এক ভয়ংকৰ খবৰ । কণমানি সমৃদ্ধ আক্ৰান্ত হ’ল তেজৰ এক জটিল ৰোগত । বৰ্তমান তামিলনাডুস্থিত চেন্নাইৰ এপল’ হাস্পতালত এই জটিল ৰোগৰ চিকিৎসা চলি আছে সমৃদ্ধজ্যোতি গোঁহাইৰ ।

যোৱা ২১ জানুৱাৰীত হাস্পতালৰ কোঠাতে এবছৰীয়া হ’লহি কণমানি সমৃদ্ধ । ইমানদিনে পুত্ৰৰ চিকিৎসা চলাই অহা গোঁহাই দম্পতী শেহতীয়াকৈ সাংঘাতিক আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ।

তেওঁলোক এতিয়া পুত্ৰৰ চিকিৎসাৰ জটিল পৰ্যায়ত উপনীত হৈছেহি । অতি সোনকালে ব’ন মেৰো ট্ৰেন্সপ্লাণ্ট কৰা হ’ব সমৃদ্ধজ্যোতি গোঁহাইৰ । এই চিকিৎসাৰ খৰচ বহুত বেছি ।

গতিকে সহৃদয়বান লোকসকল আগবাঢ়ি আহি যিয়ে যেনেকৈ পাৰে তেনেকৈ আৰ্থিক সাহায্য আগবঢ়ালে সমৃদ্ধৰ লগতে পৰিয়ালটোৰ মুখলৈ হাঁহি ঘূৰি আহিব । ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে…অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া’… আহক এটি কণমানিৰ জীৱন ৰক্ষা কৰাত আমি মানৱীয়তাৰ পৰিচয় দাঙি ধৰো ।

সমৃদ্ধজ্যোতিৰ জীৱন সমৃদ্ধ কৰি তোলাত আপুনিও জানো সহায়ৰ হাতখন আগবঢ়াই নিদিব… ৷ প্ৰাৰ্থনাত ভগৱানৰ অপাৰ আশীৰ্বাদ লুকাই থাকে ।

আজি এই কণমানি দেৱশিশুটিক অতিকৈ প্ৰয়োজন আপোনাৰ অকণমান প্ৰাৰ্থনা আৰু সাধ্যনুসৰি আৰ্থিক সাহায্যৰ….৷ সমৃদ্ধজ্যােতিৰ পিতৃ বিপ্লৱজ্যোতি গোঁহাইৰ বেংক একাউণ্টৰ সবিশেষ তলত দিয়া হ’ল-Account No 32393399462 State Bank of India. IFSC Code SBIN0005783 Mission Chariali Branch. Tezpur. Biplab Jyoti Gohain. G-pay no 9954633370

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!