কিয় আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰিলে ধনী Youtuber মোস্তাফিজুৰ ৰহমানক

কিয় আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰিলে  ধনী Youtuber মোস্তাফিজুৰ ৰহমানক

মঙ্গলবাৰে যোগীঘোপাত জনপ্ৰিয় ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক। যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰাই আটক কৰে মোস্তাফিজুৰ ৰহমানক।

যোগীঘোপাৰ চটপাৰাৰ পৰা আটক কৰে তেওঁক ।মোস্তাফিজুৰৰ বিৰুদ্ধে ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইন বিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ অভিযোগ।

ইতিমধ্যে বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াই যোগীঘোপা থানাত দাখিল কৰে এজাহাৰ । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয় তদন্ত আৰম্ভ কৰিছে ।
সম্প্ৰতি যোগীঘোপা থানাত আৱদ্ধ মোস্তাফিজুৰ ৰহমান । মোস্তাফিজুৰ ৰহমানৰ নথিপত্ৰ বিহীন এখন বাহনো আৰক্ষীৰ কবলত।

উল্লেখ্য যে অসমৰ আটাইতকৈ ধনী ইউটিবাৰ গোৱালপাৰাৰ মোস্তাফিজুৰ ৰহমান ।

GTM Desk

Related