21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

ঘৰুৱা এলিপিজিৰ ৫০ টকাকৈ দাম বৃদ্ধি!

Assamese Newsঘৰুৱা এলিপিজিৰ ৫০ টকাকৈ দাম বৃদ্ধি!

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে। শেহতীয়া সংশোধনৰ লগে লগে দিল্লীত আজিৰে পৰা প্ৰতি চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা। লগতে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে দিল্লীত ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২১১৯.৫০ হ’ব। আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন হাৰ। আজিৰে পৰা দিল্লীত ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ নতুন সংশোধিত মূল্য ১০৫৩ৰ পৰিৱৰ্তে ১১০৩। মুম্বাইত এই চিলিণ্ডাৰ ১০৫২.৫০ৰ পৰিৱৰ্তে ১১০২.৫ত বিক্ৰী কৰা হ’ব। কলকাতাত ১০৭৯ৰ পৰিৱৰ্তে ১১২৯ টকা আৰু চেন্নাইত ১০৬৮.৫০ৰ পৰিৱৰ্তে ১১১৮.৫। চলিত বৰ্ষত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য দ্বিতীয়টো বৃদ্ধি। ইয়াৰ পূৰ্বে ১ জানুৱাৰীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতি ইউনিটত ২৫ বৃদ্ধি কৰা হৈছিল। আজিৰ পৰা দিল্লীত ১৭৬৯ টকাৰ সলনি ২১১৯.৫ টকাত কমাৰ্চিয়েল এল পি জি চিলিণ্ডাৰ উপলব্ধ হব। কলকাতাত ১৮৭০ টকা আছিল, এতিয়া ২২২১.৫ হৈছে। মুম্বাইত ইয়াৰ মূল্য ১৭২১ৰ পৰা এতিয়া ২০৭১.৫০লৈ বৃদ্ধি পাইছে। চেন্নাইত ১৯১৭ টকাত উপলব্ধ হোৱা চিলিণ্ডাৰটো এতিয়া ২২৬৮ত উপলব্ধ হ’ব। স্থানীয় কৰৰ বাবে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ঘৰুৱা ৰন্ধন গেছৰ দাম বেলেগ বেলেগ হয়। ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে প্ৰতি মাহৰ আৰম্ভণিতে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে। হোলীৰ পূৰ্বে বিশেষকৈ ঘৰুৱা এল পি জিৰ ইন্ধনৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিৰোধীয়ে চৰকাৰক সমালোচনা কৰে। এটা টুইটযোগে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে মোদী চৰকাৰৰ দিনত পিঠি ভাঙি যোৱা মুদ্ৰাস্ফীতিৰ ফলত সাধাৰণ মানুহজন ক্ষতিগ্ৰস্ত হৈছে। শিৱসেনা-উদ্ধৱ বালাছাহেব থাকৰেৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে এয়া মোদী চৰকাৰৰ হোলী উপহাৰ। প্ৰতিটো পৰিয়ালে এবছৰত ৰাজসাহায্যযুক্ত হাৰত ১৪.২ কিলোগ্ৰামকৈ ১২টা চিলিণ্ডাৰ লাভ কৰাৰ অধিকাৰ আছে। ইয়াৰ বাহিৰেও গ্ৰাহকে বজাৰ মূল্যত এল পি জি চিলিণ্ডাৰৰ যিকোনো অতিৰিক্ত ক্ৰয় কৰিব লাগিব। PAHAL (Direct Benefit Transfer of LPG) আঁচনিৰ অধীনত গ্ৰাহকে ৰাজসাহায্যযুক্ত হাৰত LPG চিলিণ্ডাৰ লাভ কৰে। এই ৰাজসাহায্য বৈদেশিক মুদ্ৰাৰ হাৰ, খাৰুৱা তেলৰ মূল্য আদি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!