17 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

মায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

Assamese Newsমায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

মহানগৰীৰ শিলসাকোত চলা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কোনো প্ৰকল্প নিৰ্মাণৰ বাবে শিলসাকোত উচ্ছেদ চলা নাই। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাবে উচ্ছেদ চলাবলৈ বাধ্য হৈছো। ৰাইজে সমৰ্থন দিব লাগে এনে উচ্ছেদ কাৰ্যত। আৰ্থিক সাহায্যৰ পেকেজ এটা ঠিক কৰি থৈছো, উচ্ছেদৰ পিছতে ধনখিনি দিয়াৰ ব্যৱস্থা কৰিম।

মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰৰ কোনো প্ৰকল্পৰ বাবে উচ্ছেদ কৰা হোৱা নাই। মানুহে যাতে ভাল অক্সিজেন পায়, গুৱাহাটীৰ মানুহে যাতে ভালকৈ জীয়াই থাকিব পাৰে, সেইক্ষেত্ৰত ৰাইজে সমৰ্থন দিব লাগে। দীপৰ বিল, শিলসাকো নোহোৱা হৈ গ’লে মানুহ কেনেকৈ জীয়াই থাকিব।

‘‘উচ্ছেদ কৰিলেতো বেয়া লাগে, যিকোনো উচ্ছেদৰ ঘটনাই দুখ লাগে। কিন্তু উচ্ছেদ নকৰিলে অক্সিজেনৰ অভাৱত সকলো মানুহ ৫ বছৰ আগত ঢুকাব। মানুহখিনি সোমাব নালাগিছিল। সোমোৱাৰ পিছত ভাঙিলেতো সকলোৰে দুখ লাগিব। চৰকাৰে তেওঁলোকক বহুওৱা নাই। একেজন মানুহে দহজনক মাটি বিক্ৰী কৰিছে।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।

২০০৯ৰ পৰা ২০১৫ চনৰ ভিতৰত এনে বেদখল অধিক হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, জিঞ্জাৰো উচ্ছেদ কৰিব কৈছো, লোকনায়ক অমিয় কুমাৰ দাস ইনষ্টিটিউচনো উচ্ছেদ কৰিব কৈছো, সকলো উঠাই দিয়ক। চৰকাৰৰ কাৰো প্ৰতি মৰম দেখুৱাবলগীয়া একো নাই। এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়া–মোহ নাই। মোৰ ঘৰ থাকিলে মোৰো ঘৰ ভাঙি দিম। সেইটো মায়া–মোহত থাকিলে কামেই কৰিব নোৱাৰিম। যিখিনি মানুহ নিজে সোমাইছে, সকলোখিনিয়ে উঠিব লাগিব। মানুহখিনিয়ে নিজেও বুজি পাইছে যে আমি যাব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয়, ভূমিহীন পৰিয়ালক গুৱাহাটীৰ মাজত ভূমি ক’ৰ পৰা দিম। তেওঁলোকৰ নিজৰ গাঁৱত মই ভূমি দি দিম যদি লাগে। য’ত চৰকাৰৰ ভূমি থাকিব তাতেহে দিব পাৰিম। গুৱাহাটীত কাৰোবাক ভূমি দিব লাগে বুলি কথা নাই। এইবোৰ মানুহৰ সকলোৰে নিজৰ নিজৰ ঘৰ আছে।

 

(Guwahati Eviction)

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!