22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

নগাঁও কলেজত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আলোচনা চক্ৰৰ আয়োজন

Assamese Newsনগাঁও কলেজত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আলোচনা চক্ৰৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,২৮ফেব্ৰুৱাৰী:–কলংপাৰ শাখা, অসম বিজ্ঞান সমিতি আৰু নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত মংগলবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠিত কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি “গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান”(Global Science for Global Well-being)শীৰ্ষক বিষয়ত নগাঁও কলেজতে এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় । অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক ড০ খগেশ্বৰ ভূঞা । বিজ্ঞান আৰু অন্ধবিশ্বাসৰ ক্ষেত্ৰত ড° ভূঞাই বহুমূলীয়া বক্তৃতা প্ৰদান কৰে। বিজ্ঞানেহে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব বুলি মন্তব্য আগবঢ়ায়। সভাত তেখেতে বিশ্বাস,অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিশদ ভাৱে আলোচনা কৰে। সকলো বিষয় বিজ্ঞান আৰু যুক্তিসংগত ভাৱে চিন্তা-চৰ্চা কৰি মানৱ জাতিৰ কল্যাণৰ বাবে কাম কৰি যাব লাগে বুলি উল্লেখ কৰে। তেখেতে লগতে সত্য সদায় শুদ্ধ নহ’বও পাৰে সেয়ে সকলো কথা বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগে বুলি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মন্তব্য কৰে। আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে শিক্ষাৰ জৰিয়তে সমাজত বৰ্তি থকা ব্যাধি কেনেকৈ দূৰ কৰিব পাৰি তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। অধ্যাপক ড°পৰীক্ষিত গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত
নগাঁও কলংপাৰ শাখাৰ সভাপতি, নগাঁও কলেজৰ অধ্যাপক- অধ্যাপিকা,অনা শিক্ষক-কৰ্মচাৰী, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়, মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানত নগাঁও কলেজৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী বিপাশা গোস্বামীয়ে চি.ভি.ৰমনৰ কৰ্মৰাজি আৰু বিজ্ঞানৰ অৱদানৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । পদাৰ্থ বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰিজৱান আনচাৰিয়ে “ইন্টাৰনেটৰ ব্যৱহাৰ আৰু ইন্টাৰনেট অৱ থিংকচ” শীৰ্ষক এটি পৰীক্ষণ প্ৰণালী হাতে-কামে পৰীক্ষা কৰি দেখুৱায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!