22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

শিলসাঁকোৰ উচ্ছেদস্হলীত অসম তৃণমূল কংগ্ৰেছ, উচ্ছেদিতৰ শীঘ্ৰে পুন: সংস্হাপনৰ দাবী

Assamese Newsশিলসাঁকোৰ উচ্ছেদস্হলীত অসম তৃণমূল কংগ্ৰেছ, উচ্ছেদিতৰ শীঘ্ৰে পুন: সংস্হাপনৰ দাবী

শিলসাঁকোৰ উচ্ছেদস্হলীত অসম তৃণমূল কংগ্ৰেছ, উচ্ছেদিতৰ শীঘ্ৰে পুন: সংস্হাপনৰ দাবী

গুৱাহাটী, ১ মাৰ্চ: অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দলে আজি মহানগৰীৰ উচ্ছেদিত এলেকা ভ্ৰমণ কৰি ভুক্তভোগীসকলৰ পৰিস্থিতিৰ বুজ লয়।
দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অসহায় অৱস্হাৰ সন্মুখীন হোৱা একাংশৰ মাজত কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে।

তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মাই চৰকাৰৰ অমানৱীয় কাৰ্যক সমালোচনা কৰে।

‘আজি অমানৱীয়ভাৱে খিলঞ্জীয়াৰ ওপৰত বিজেপি চৰকাৰখনে অত্যাচাৰ চলাইছে। নিজৰ ঘৰৰ সামগ্ৰীখিনিও উলিয়াব পৰ্যন্ত সময় দিয়া নাই। মেঘালয়ে অসমৰ ভূমিত বেদখল কৰিছে, মিজোৰামে বেদখল কৰিছে, সেইবিলাকত উচ্ছেদ কৰি দেখুৱাওক। এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি আছে। কিমান শিক্ষাৰ্থী বিপদৰ সন্মুখীন হৈছে, চৰকাৰখনৰ সেই খবৰ ৰখাৰ সময় নাই। আমি এই অমানৱীয় কাণ্ডৰ ধিক্বাৰ দিছো। উচ্ছেদিত লোকসকলৰ শীঘ্ৰে পুন: সংস্হাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো।’

প্ৰেছ বিবৃতি

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!