20.6 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নে? কি কয় চিকিৎসকে…

Assamese Newsঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নে? কি কয় চিকিৎসকে...

ঋতুস্ৰাৱ (Periods) ৰ লগত বহুতো সমস্যা থাকে। পেট বা কঁকালত অসহ্যকৰ বিষ, ভাগৰুৱা, মূৰৰ বিষ… আদি। এনে সময়ত যৌন সম্পৰ্কত লিপ্ত হ’ব লাগে নে নালাগে ? তাক লৈ বহুতৰে বহু মত দেখা যায়। এই সন্দৰ্ভত কি কয় চিকিৎসকে?

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত স্ত্ৰীৰোগ বিশেষজ্ঞ শিল্পা ঘোষে কয় যে, মাহেকীয়াৰ সময়ত যৌন সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰয়োজন নাই। বৰঞ্চ ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক বহুতৰে বাবে সুখদায়ক হ’ব পাৰে। আনকি আন সময়তকৈও অধিক সন্তুষ্টিদায়ক হ’ব পাৰে। আচলতে মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰিলে ক্ৰেম্পৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি।” তদুপৰি অৰ্গাজমৰ সময়ত এণ্ডফিন শৰীৰত নিৰ্গত হয়। যাৰফলত ঋতুস্ৰাৱকালীন অৱসাদৰ পৰাও মুক্তি পোৱা যায়।

অৱশ্যে এই ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। তেওঁৰ মতে এইক্ষেত্ৰত ‘নিৰাপদ যৌন সম্পৰ্ক’ৰ দিশত মন দিব লাগিব। অন্যথা যৌন সংক্ৰামক ৰোগ বা অবাঞ্চিত মাতৃত্বৰ বিপদত পৰিব। তদুপৰি যিহেতু এই সময়ত যোনিখন পিছল হৈ থাকে, গতিকে পৃথক লুব্ৰিকেণ্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

কিন্তু আয়ুৰ্বেদ শাস্ত্ৰই পিৰিয়ডৰ সময়ত যৌন সম্পৰ্কক ‘বিপজ্জনক’ বুলি গণ্য কৰে। কেৰালাৰ আয়ুৰ্বেদ চিকিৎসক অৰ্চনা সুকুমাৰনৰ মতে এই সময়ছোৱাত মহিলাসকলে জিৰণি ল’ব লাগে। কাৰণ ঋতুস্ৰাৱৰ বাবে শৰীৰত ভাৰসাম্যহীনতা অভাব ঘটে। তদুপৰি তেওঁ কয় যে এই সময়ত যৌন সম্পৰ্ক স্থাপন কৰিলে মহিলাৰ প্ৰজনন তন্ত্ৰৰ ক্ষতি হ’ব পাৰে। আন এজন আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষা ভৱসৰৰ মতে যৌন সম্পৰ্কৰ সময়ত শৰীৰত বায়ুৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত পিৰিয়ডৰ বিষ আৰু বেছি হ’ব পাৰে। গতিকে এই দিনবোৰত শাৰীৰিক সুখৰ বাবে যৌন সম্ভোগত লিপ্ত নোহোৱাই ভাল।

 

 

 

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!