উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ ভোটগণনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সোণোৱালে কয়, ‘‘উত্তৰ–পূবৰ আটাইকেইখনতেই বিজেপিৰ চৰকাৰ হ’৸ব। বিজেপিৰ লগত যিমানকেইখনত মিত্ৰতা আছে তাত আমি চৰকাৰ কৰিম বুলি স্পষ্ট হৈছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিগত ৯ বছৰত যিমান ভাল কাম কৰিছে, সেয়া উত্তৰ–পূৰ্বাঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। তেখেতৰ প্ৰতি অগাধ বিশ্বাস আৰু শ্ৰদ্ধা আছে। তেখেতৰ হাত শক্তিশালী কৰিবৰ বাবে তিনিখন ৰাজ্যৰ জনতাই আজি তেখেতৰ আহ্বানক সঁহাৰি জনাইছে।