এই ১৩ টা কাৰণত সংসাৰলৈ আহে ডাঙৰ বিপৰ্যয়, থানবান হৈ যায় স্বামী–স্ত্ৰীৰ সম্পৰ্ক, ৰজাও নিমিষতে হৈ পৰে ফকিৰ!

এই ১৩ টা কাৰণত সংসাৰলৈ আহে ডাঙৰ বিপৰ্যয়, থানবান হৈ যায় স্বামী–স্ত্ৰীৰ সম্পৰ্ক, ৰজাও নিমিষতে হৈ পৰে ফকিৰ!

1/ চাণক্য নীতিত জীৱনৰ প্ৰতিটো মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কথা জড়িত হৈ থাকে। জীৱনক কিদৰে সুখী কৰিব পাৰি আৰু দুখৰ সৈতে সংঘৰ্ষ কৰিব পাৰি সকলো আছে।

2/জীৱনৰ সুখ, দুখৰ সৈতে চাণক্য নীতিৰ এখ নিবিড় সম্পৰ্ক আছে। সেয়ে জীৱনত চাণক্য নীতিৰ গুৰুত্ব বহু পৰিমাণে আছে বুলি কোৱা হয়।

3/চাণক্য নীতিত এনে ঘটনা বৰ্ণিত আছে যিয়ে সৌভাগ্যক দুৰ্ভাগ্যলৈ সলনি কৰে। এনেকুৱা কেতবোৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় যিয়ে সৌভাগ্যক দুৰ্ভাগ্যলৈ ৰূপান্তৰিত কৰে।
4/আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত এই পৰিস্থিতি সম্পৰ্কে নানা বাখ্যা দিছে। যিয়ে জীৱনক দুখেৰে পৰিপূৰ্ণ কৰি তোলে।

5/ স্বামী–স্ত্ৰীৰ সম্পৰ্কক একোৰে পৰিমাপ কৰা নাযায়। এই সম্পৰ্ক জন্ম জন্মান্তৰৰ।

6/ প্ৰেম, ভালপোৱাৰ পৰা দায়িত্ব, কৰ্তব্য, জীৱনৰ এনে এক সন্ধিক্ষণ য’ত স্বামী, স্ত্ৰীৰ ভিতৰত কোনো এজনৰ মৃত্যু হয় বা আন কোনো কাৰণত সংগ ত্যাগ হয়, বাকী জীৱনটো কটোৱা কষ্টকৰ হৈ পৰে।

7/ জীৱনসংগী অবিহনে বাৰ্ধক্য জীৱন অতিবাহিত কৰা অত্যন্ত কঠিন হৈ পৰে। এই সময়ত ভাল জীৱনো দুখ–কষ্টলৈ পৰিণত হ’ব।

8/ সুখী জীৱনৰ বাবে টকা–পইচা অতি প্ৰয়োজন। কিন্তু পৰিশ্ৰমৰ টকা যদি আন কাৰোবাৰ হাতত পৰে, ইয়াতকৈ বেয়া পৰিস্থিতি জীৱনত একো নহয়।

9/হাতৰ পৰা টকা–পইচা ওলাই যায়। সেই সময়ত শত্ৰুৱে সেই টকা–পইচা বেয়া পথত ব্যৱহাৰ কৰে।

10/যদি কেতিয়াবা কোনো কাৰণত দুৰ্ভাগ্যবশতঃ আনৰ ঘৰত থাকিবলগীয়া হয় তাতকৈ দুখৰ কথা একো হ’ব নোৱাৰে।

11/ আনৰ ঘৰত থকাটো কেৱল আনৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি থকাই নহয়, তেওঁলোকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

12/এই সময়ত ব্যক্তিৰ আত্মসন্মানতো আঘাত লাগে। সেয়ে বেছিভাগ সময়তে এই প্ৰচেষ্টাত থাকিব লাগিব যাতে আনৰ ঘৰত থাকিব নালাগে।

Disclaimer: guwahati times ওপৰোক্ত তথ্য মানিবলৈ বাধ্য নকৰে বা অনুৰোধো নকৰে। নিজৰ বিচাৰ–বিবেচনাৰে মূল্যায়ণ কৰি ব্যৱহাৰিক প্ৰয়োগ কৰিব লাগিব।

GTM Desk

Related