26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

অসমীয়া ছবি ব্লেক এণ্ড হোৱাইটক লৈ ষড়যন্ত্ৰ !

Assamese Newsঅসমীয়া ছবি ব্লেক এণ্ড হোৱাইটক লৈ ষড়যন্ত্ৰ !

নতুন অসমীয়া ছবি ব্লেক এণ্ড হোৱাইটৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিভিন্ন জটিলতাক লৈ ক্ষুব্ধ হৈ পৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ৷

আজি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি অভিনেতাগৰাকীয়ে ছবিগৃহত ভাল শ্ল’ট লাভ নকৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। সংবাদমেলত তেওঁ কয়- ‘‘ আমি ভাল শ্ল’ট কতো পোৱা নাই। দিনৰ ১১ বা ২ বজাত ছবি চাবলৈ কোন দৰ্শক যাব ? আমাক এনেকুৱা সময় দিছে হলত। ছবিখনৰ প্ৰমোচন যি ধৰণে হ’ব লাগে তেনেকৈয়ে কৰিছোঁ আৰু বেলেগকৈ কৰিব লাগে বুলি নাভাবো ৷’’

অন্যহাতে প্ৰমোচনৰ ক্ষেত্ৰতো তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । তেওঁ কয়- ‘‘স্কুল, কলেজক বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলিও নাভাবো ৷ ছাত্ৰ ছাত্ৰীৰ পঢ়া ক্ষতি কৰি বিজ্ঞাপনৰ ক্ষেত্ৰ হিচাপে স্কুল কলেজত যোৱাটো মই নিবিচাৰোঁ।’’
উল্লেখযোগ্য যে বিগত ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল Black and White এ । কিন্তু যিকেইটা হলত ছবিখনৰ বাবে প্ৰযোজকে বিচৰাৰ দৰে সময় বা শ্ল’ট দিছে সেইকেইটা হলত ছবিখনৰ ফলাফল তথা দৰ্শকৰ সহাঁৰি ভাল বুলি অভিনেতা ৰবি শৰ্মাই মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ৫০টা হলত এসপ্তাহত ব্লেক এণ্ড হোৱাইটে সংগ্ৰহ কৰিছে কেৱল ৯ লাখ টকা । অভিনেতাগৰাকীয়ে কয়- ‘‘ভাল শ্ল’ট নোপোৱাৰ বাবে ফলাফল বেয়া হ’লে আমাৰ ৰেকৰ্ড বেয়া হৈ যাব ৷ যি কেইটা শ্ল’ট বিচাৰিছো, সেই সময়ত ডঃ বেজবৰুৱা ২ লাগি আছে। অহা বৃহস্পতিবাৰৰ পৰা আমি BLACK N WHITE চিনেমা হলৰ পৰা আঁতৰাই দিম।’’

যদিহে হলৰ পৰা চিনেমাখন আঁতৰাই দিয়া হয় তেন্তে OTT PLATFORM ‘CND PLAY’ ত ১০০ টকাৰ বিনিময়ত সকলো দৰ্শকলৈ মুকলি কৰি দিয়া হ’ব চিনেমাখন। ২৪ ঘণ্টাৰ বাবে দৰ্শকে মনৰ ইচ্ছামতে উপভোগ কৰিব পাৰিব ছবিখন।

ডঃ বেজবৰুৱা চলি থকা সময়ৰ বাদে আন ভাল সময় হলসমূহে দিয়া নাই বুলিও অভিনেতা গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে । ইয়াৰোপৰি ৰবি শৰ্মাই কয়- ‘‘ডঃ বেজবৰুৱা আমাৰ ছবি, মোৰ ছবি।’’

সেইখনো অসমীয়া ছবি। কিন্তু হলসমূহে সঠিক শ্ল’ট নিদিয়াৰ বাবেই এতিয়া ব্লেক এণ্ড হোৱাইট প্ৰসাৰত বাধাৰ সৃষ্টি হৈছে প্ৰযোজক আৰু কলা-কুশলীসকলৰ বাবে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!