সাৰি যাব নেকি ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা ?

সাৰি যাব নেকি ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা ?

গুৱাহাটী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতা ন্যায়িক জিম্মালৈ যোৱাৰ পিছত এটা প্ৰশ্ন সকলোৰে মনত উদয় হৈছিল যে বন্দনা কলিতা  তথা আন দুই অভিযুক্তই শাস্তি পাবনে? এই প্ৰশ্ন উঠাৰ কাৰণ আছিল হত্যাকাণ্ডৰ বলি অমৰজ্যোতি দে আৰু শংকৰী দেৰ শিৰ উদ্ধাৰ হোৱা নাছিল।

কিন্তু আজি এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই হত্যাকাণ্ড সন্দৰ্ভত এখন সংবাদমেলত উল্লেখ কৰে যে এই দিশত সকলো তথ্য-প্ৰমাণ মজুত কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী।

তেওঁ লগতে প্ৰকাশ কৰে যে গুজৰাট, দিল্লীৰ অভিজ্ঞ ফৰেনছিকৰ দলে ডাবল মাৰ্ডাৰৰ সত্য উদঘাটন কৰিবলৈ দায়িত্ব লৈছে। অতি সোনকালেই এই কেছৰ চার্জশ্বীট দাখিল কৰা হ’ব আদালতত। উল্লেখ্য, কালি বন্দনা কলিতাক আদালতে ন্যায়িক জিম্মাত দিয়াৰ লগতে আন দুই অভিযুক্ত ধনটি আৰু অৰূপক আৰক্ষী জিম্মাত দিয়ে।

Shahnawaz Hamza