20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

English Newsউত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্রজোঁটে আশানুৰূপ ফলাফল লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যকেইখনৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে গণতন্ত্ৰ আৰু গণতান্ত্রিক প্ৰক্ৰিয়াৰ প্ৰতি জনতাৰ গভীৰ আস্থা প্রতিফলিত কৰে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে নির্বাচনী ফলাফলে উত্তৰ পূৰ্বাঞ্চল দিল্লী অথবা হৃদয়ৰ পৰা আঁতৰত নাই বুলি প্ৰমাণ কৰিলে। শ্রীমোদীয়ে কয় যে এই ফলাফলে এটা নতুন ধাৰণা প্রতিফলিত কৰে। এই উপলক্ষে দলটোৰ সভাপতি জে পি নাড্ডাই কয় যে দুখীয়া আৰু মহিলাসকলক শক্তিশালী কৰি তোলাকে ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন লক্ষ্যৰ বাবেই এই ফলাফল সম্ভৱ হৈ উঠিছে। উল্লেখযোগ্য যে কালি ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপি মিত্রজোঁটে পুনৰ ক্ষমতা দখল কৰিছে। ত্ৰিপুৰাত বিজেপি – আই পি এফ টি আৰু নাগালেণ্ডত এন ডি পি পি-বিজেপি মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে।
আনহাতে, মেঘালয়ত বিজেপিৰ সমৰ্থনত পুনৰ এন পি পিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে। ৰাজ্যখনৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৯ খন আসনৰ ভিতৰত এন পি পি-য়ে ২৬ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে ইউ ডি পিয়ে ১১খন আসনত জয়লাভ কৰিছে। নৱগঠিত ভইছ অৱ পিপল পাৰ্টিয়ে ৪ খন, কংগ্ৰেছ আৰু টি এম চিয়ে ৫খনকৈ আসন দখল কৰিছে। বিজেপি, এইছ এছ পি ডি পি, পি ডি এফ দল আৰু নিৰ্দলীয় প্রার্থীয়ে দুখনকৈ আসন দখল কৰিছে। এন পি পি প্রার্থী তথা মুখ্যমন্ত্রী কনৰাড চাংমাই দক্ষিণ টুৰা বিধানসভা সমষ্টিৰ পৰা মুঠ ভোটৰ ৪৯ দশমিক ৪-২ শতাংশ লাভ কৰি বিজয়ী হয়।
ইফালে, নাগালেণ্ডত শাসনাধিষ্ঠিত এন ডি পি পি-বিজেপি মিত্রজোটে সংখ্যাগৰিষ্ঠতা অর্জন কৰি ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। ৬০ খন আসনৰ ভিতৰত এন ডি পি পিয়ে ২৫ খনত জয়লাভ কৰিছে। ইপিনে, বিজেপিয়ে ১২ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে, এন পি পিয়ে ৫ খন আৰু এন চি পিয়ে ৭খন আসন লাভ কৰিছে। এল জে পি, এন পি এফ আৰু আৰ পি আই-য়ে দুখনকৈ আসনত জয়লাভ কৰাৰ বিপৰীতে জনতা দল ইউনাইটেড এখন আসনত জয়ী হৈছে। নিৰ্দলীয় প্রার্থীয়ে চাৰিখন আসন লাভ কৰিছে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই উত্তৰ আংগামী-২ আসনখনৰ পৰা সহজে জয়লাভ কৰিছে। তদুপৰি উপ-মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতা ৱাই পেট্টন, ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থী বিজয়ী হৈছে। উল্লেখযোগ্য যে, নাগালেণ্ডৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ এন ডি পি পিৰ দুগৰাকী মহিলা প্রার্থী বিধানসভালৈ নিৰ্বাচিত হৈছে।
ইফালে, ত্ৰিপুৰাৰ ৬০ জনীয়া বিধানসভাৰ ৩৩ খন আসনত বিজেপি – আই পি এফ টি মিত্রজোঁটে জয়লাভ কৰি ক্ষমতা দখল কৰাত নিশ্চিত হৈছে। চি পি এম – কংগ্ৰেছ মিত্রজোঁটে ১৪ খনত আৰু টিপ্ৰা ম’থাই ১৩ খন আসনত জয়ী হৈছে। ইয়াৰ ভিতৰত চি পি এমে ১১ খন আৰু কংগ্ৰেছে ৩ খন আসন লাভ কৰে। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰাৰ্থী ড° মানিক সাহা টাউন বৰদুৱালী সমষ্টিৰ পৰা জয়ী হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!