সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ বুধবাৰে কৰক এই বিশেষ উপায়

সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ বুধবাৰে কৰক এই বিশেষ উপায়

আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ-বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ ব্যৱস্থা! ( Religious Studies )

বুধবাৰে কৰিব লাগে-এইসমূহ  কাম-

১/যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই,তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূৱ দিশত ৰাখক।এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰিও বহু দূৰলৈ খ্যাতি বিয়পি পৰে।

২/যদি আপোনাৰ ঘৰত সদায়ে আৰ্থিক সংকট দেখা দিয়ে-তেন্তে ইয়াৰ বাবে ৰূপালী আঙুঠি এটা বনাই সোঁ-হাতৰ আঙুলিত পিন্ধিব লাগে।এনে কৰিলে অধিক ব্যয় হোৱাৰ বিপৰীত আয় বৃদ্ধি হব। ( Religious Studies)

৩/যদি আপুনি বিচাৰে যে-আপোনাৰ ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধি অটুট থাকিব লাগে-তেন্তে ঘৰত শংখ স্থাপন কৰি প্ৰতিদিনে পূজাৰ সময়ত ব্যৱহাৰ কৰক।এনে কৰিলে আপোনাৰ ঘৰত সদায়ে সুখ-সমৃদ্ধি বৰ্তি থাকিব।

৪/যদি আপুনি কোনো মানসিক সমস্যাৰে যুঁজি আছে আৰু কোনো সমাধানৰ সূত্ৰ পোৱা নাই,তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বুধবাৰে আপোনাৰ শোৱা কোঠাত মাটিৰ চাকিত দুটা কৰ্পূৰ জ্বলাই গোঞেই কোঠাটোত তাৰে তাপ দিয়ক।আৰু কোঠাৰ এটা চুকত চাকিগছ ৰাখিব লাগে।ইয়াৰ দ্ধাৰা মানসিক সমস্যা লাহে লাহে হ্ৰাস পাব।(সংগ্ৰহিত)।

 

GTM Desk

Related