লক্ষ্মী-নাৰায়ণৰ পূজা বিধি

1 min read

লক্ষ্মী-নাৰায়ণৰ ব্ৰতত দেৱী শ্ৰী লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ সংযুক্ত স্বৰূপক পূজা কৰা হয়।এই পূজা কৰিলে ঘৰত-কেতিয়াও ধন-সম্পদৰ অভাৱ নহয়।শ্ৰী লক্ষ্মী-নাৰায়ণৰ ব্ৰতক দৰিদ্ৰতাক দূৰ কৰাৰ এক শুভ উপায় বুলিও কোৱা হয়।এই দিনা ঘৰত পূজা-পাঠৰ লগতে-যজ্ঞ আদি অনুষ্ঠান কৰিলেও সম্পন্নতাৰ দুৱাৰ মুকলি হয়।( Religious Studies)

*লক্ষ্মী-নাৰায়ণৰ পূজা কেতিয়া কৰিব লাগে!

*লক্ষ্মী-নাৰায়ণৰ ব্ৰত-তথা পূজা কৰিবলৈ-সকলোতকৈ উপযুক্ত সময় পূৰ্ণিমা তিথিত মনা হয়।ইয়াৰ বাহিৰেও-এই ব্ৰতক শুক্ৰবাৰ বা ৰবিবাৰৰ দিনা কৰা হয়।লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ বিষয়ে-পৌৰাণিক গ্ৰন্থত বিস্তাৰ ৰূপত কথা তথা মহত্ব প্ৰাপ্ত আছে।

*লক্ষ্মী-নাৰায়ণৰ পূজা বিধি-

*এই ব্ৰতৰ বিষয়ে-নাৰদ মুনিয়ে শৌনক ঋষিক সুধাত-তেওঁ কৈছিল যে-মহৰ্ষি নাৰদ-পূৰ্ণিমা তিথিত-শুদ্ধ সাত্বিক-আচৰণৰ নিয়ম কৰি-এই ব্ৰত আৰম্ভ কৰিব লাগে।পুৱাতে-উঠি স্নান আদি কৰি-শুদ্ধ বস্ত্ৰ পৰিধান কৰিব লাগে।

*লক্ষ্ম-নাৰায়ণৰ পূজা-বিধিত-মন্দিৰত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতিমা অথবা চিত্ৰক স্থাপিত কৰিব লাগে।

*লক্ষ্মী-নাৰায়ণৰ প্ৰতিমাক জল তথা পঞ্চামৃতেৰে সান কৰাব লাগে।( Religious Studies)

 

*শ্ৰী লক্ষ্মী আৰু নাৰায়ণক বস্ত্ৰ তথা আভুষন পিন্ধাব লাগে।সুগন্ধিত মালা পিন্ধাব লাগে।সুগন্ধিত ইত্ৰ অৰ্পণ কৰিব লাগে।

*দেৱী লক্ষ্মীক কুমকুমৰ তিলক দিব লাগে আৰু শ্ৰী বিষ্ণু ভগৱানক চন্দনৰ তিলক দিব লাগে।

*লক্ষ্মী-নাৰায়ণৰ সন্মুখত ঘীউৰ বন্তি প্ৰজলিত কৰিব লাগে।ধূপ-ফুলৰ দ্বাৰা পূজা কৰিব লাগে।

*লক্ষ্মী-নাৰায়ণৰ আৰতি কৰিব লাগে।আৰতি পাছত ভোগ অৰ্পণ কৰিব লাগে।

*লক্ষ্মী-নাৰায়ণৰ পূজনৰ সময়ত- ঔঁ লক্ষ্মী নাৰায়ণ নমঃ মন্ত্ৰটিৰ জাপ কৰিব লাগে।

*লক্ষ্মী-নাৰায়ণৰ পূজা তথা ব্ৰত কৰিলে-সমস্ত সুখ প্ৰাপ্ত হয়।এই পূজাৰ প্ৰভাৱে-ব্যক্তিক বেকুন্ঠ ধামৰ প্ৰাপ্তি হয়।লক্ষ্মী নাৰায়ণৰ পূজা-তথা ব্ৰতত-নিশালৈ জাগৰণৰ বহুত মহত্ব হয়।ব্ৰতৰ আগ দিনা-পুৱাৰ সময়ত ব্ৰাহ্মণ সকলক ভোজন কৰাব লাগে আৰু দক্ষিণা আদি-দি এই ব্ৰতৰ সংকল্প লব লাগে।এই ব্ৰতত-তিল দান কৰাটো অত্যন্ত মহত্ব আছে।তিল যজ্ঞত অৰ্পণ কৰিলেও-শুভ হয়।এনেদৰে সামৰ্থ অনুযায়ী লক্ষ্মী-নাৰায়ণৰ পূজন-তথা-ব্ৰত কৰিব লাগে।

You May Also Like

More From Author