17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উত্তৰ-পূৱলৈ আহিব প্ৰধানমন্ত্ৰী

Assamese Newsদুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উত্তৰ-পূৱলৈ আহিব প্ৰধানমন্ত্ৰী
উত্তৰ-পূৱৰ তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ শপতগ্রহণ কাৰ্যসূচীত অংশলোৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিব। শ্ৰী মোদী কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত পোনে পোনে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শ্বিলঙলৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে, কনৰাড চাংমাই কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। বিজেপিয়ে প্রথমবাৰৰ বাবে এন পি পি-নেতৃত্বাধীন চৰকাৰখনলৈ সমৰ্থন আগবঢ়াইছে।
প্রধানমন্ত্ৰীগৰাকী এই অনুষ্ঠানৰ পাছত নাগালেণ্ডৰ কহিমাত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। ৰাজ্যখনত এন ডি পিপি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে ৱাই পাটনক বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হৈছে। নেতা নিৰ্বাচনৰ উদ্দেশ্যে আয়োজিত বৈঠকখনত অসমৰ চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পর্যবেক্ষক হিচাপে উপস্থিত থাকে। ৬০ জনীয়া নাগালেণ্ড বিধানসভাত এন ডি পি পিৰ ২৫ গৰাকী আৰু বিজেপিৰ ১২ গৰাকী বিধায়ক থাকিব। ইপিনে, পৰহিলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। আগৰতলাত ৰাজ্যখনৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে বৈঠক অব্যাহত আছে।
আনহাতে, প্রধানমন্ত্রী মোদীয়ে কাইলৈ সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম মন্ত্ৰীসভাৰ এখন গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰিব। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়info

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!