22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

Assamese Newsস্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ চিকিৎসা ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বিষয়টোক চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে স্বাস্থ্যসেৱা সহজ আৰু সুলভ কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি স্বাস্থ্য আৰু চিকিৎসা গৱেষণা সন্দৰ্ভত এখন বাজেট উত্তৰ ৱেবিনাৰক সম্বোধন কৰি এইদৰে কয়। তেওঁ কয় যে আয়ুস্মান ভাৰত আৰু জনঔষধি আঁচনিয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰোগীসকলৰ ১ লাখ কোটিটকৈ অধিক ধন ৰাহি কৰিছে। শ্ৰী মোদীয়ে বহু দশক ধৰি স্বাস্থ্যক্ষেত্ৰত একত্ৰিত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অভাৱৰ কথা উল্লেখ কৰি কয় যে কেন্দ্ৰই কেৱল স্বাস্থ্য মন্ত্ৰালয়তে স্বাস্থ্য সেৱাক সীমাবদ্ধ কৰি ৰখা নাই, বৰং সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
এটা শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে স্বাস্থ্য পৰীক্ষাকেন্দ্ৰ তথা প্রাথমিক চিকিৎসাৰ সুবিধা উপলব্ধ হোৱাকৈ সমগ্ৰ দেশতে জনসাধাৰণৰ আবাসৰ নিকটৱৰ্তী ডেৰ লাখৰো অধিক স্বাস্থ্যকেন্দ্ৰ গঢ়ি তোলা হৈছে। এই স্বাস্থ্য পৰীক্ষা কেন্দ্ৰসমূহত মধুমেহ, কৰ্কট আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগসমূহৰ পৰীক্ষাৰ সুবিধা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত সৰু চহৰ আৰু গাঁওসমূহত গুৰুত্বপূৰ্ণ স্বাস্থ্য আন্তঃগাঁথনি উপলব্ধ কৰোৱা হৈছে। আনহাতে, বিগত বৰ্ষত ২৬০ খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ লগতে ২০১৪ চনৰ পাছত চিকিৎসা মহাবিদ্যালয়ৰ আসন দুগুণলৈ বৃদ্ধি কৰা হৈছে বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে চিকিৎসা মহাবিদ্যালয়সমূহৰ সমীপত ১৫৭ খন নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰাটো চিকিৎসা মানৱ সম্পদৰ ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ। তেওঁ লগতে উল্লেখ কৰে যে এই বছৰৰ কেন্দ্ৰীয় বাজেটত ভৱিষ্যতৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে নাৰ্ছিং খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্রধানমন্ত্রীয়ে ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰৰ জৰিয়তে চৰকাৰে নাগৰিকসকলক সময়মতে স্বাস্থ্যসেৱা প্ৰদান কৰা বিষয়ত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে। কোৱিড-১৯ৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত যোগান শৃংখলা সন্দৰ্ভত লাভ কৰা শিক্ষাৰ কথা পুনৰ দোহাৰি কয় যে এয়া বৰ্তমান গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিগত বৰ্ষৰ বাজেটত চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ ওচৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চেষ্টা কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইক্ষেত্ৰত সকলো অংশীদাৰীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে স্বাস্থ্যখণ্ড বিশেষকৈ আয়ুৰ্বেদৰ সকলো অংশীদাৰীক প্রমাণভিত্তিক গৱেষণা শক্তিশালী কৰি তুলিবলৈকো আহ্বান জনায় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!