প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহম্মদ ছাহাবুদ্দিনক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্রামী হিচাপে তেওঁৰ অৱদান আৰু এগৰাকী আইনজ্ঞ হিচাপে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে স্মৰণ কৰি কয় যে, তেওঁৰ পৰৱৰ্তী কাম-কাজত এইসমূহে গুৰুত্বপূৰ্ণ অৰিহণাৰ সমল হিচাপে বিবেচিত হ’ব।
ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, প্ৰাণৱন্ত সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্বন্ধৰ ভেঁটিত এই সম্পৰ্ক গঢ় লৈ উঠিছে। দুয়োখন দেশৰ জনসাধাৰণৰ লাভৰ হকে এই বহুপাক্ষিক সম্বন্ধ অধিক সুদৃঢ় কৰাৰ বাবে বাংলাদেশৰ বন্ধু হিচাপে ভাৰত দৃঢ় সংকল্পবদ্ধ বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে। নিজৰ পত্ৰত শ্ৰীমোদীয়ে মহম্মদ ছাহাবুদ্দিনৰ নেতৃত্বত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি নিজৰ বিশ্বাস ব্যক্তি কৰে।