22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ভাঙি দিয়া হ’ব ৮৯ খন দলং।কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্য প্ৰশাসনৰ দৃঢ় স্থিতি

Assamese Newsভাঙি দিয়া হ’ব ৮৯ খন দলং।কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্য প্ৰশাসনৰ দৃঢ় স্থিতি

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ সমস্যা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনে হাতত লৈছে আন এক কঠোৰ সিদ্ধান্ত৷ গুৱাহাটীত বাহিনী নৈৰ ওপৰত নিৰ্মিত ৮৯খন কংক্ৰিটৰ ব্ৰীজ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷

পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰা বুলি চিনাক্ত কৰি GMCৰ উপায়ুক্তই দাখিল কৰা বাহিনী নদীৰ ওপৰত ৮৯খন  দলঙৰ তালিকাক লৈ এক নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ৷ Guwahati Municipal Curporationএ পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰি বাহিনী নদীৰ পাৰৰ বিভিন্ন স্থানত পানী লগিং সমস্যাৰ সৃষ্টি কৰা বুলি দাখিল কৰিছে ৮৯খন দলঙৰ তালিকা ৷

উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্দেশনাখনত লিখিছে, “মোৰ বিবেচিত মতামত যে যদি এই কাঠামোসমূহ তৎক্ষণাত ভাঙি পেলোৱা নহয়, বাহিনী নদীৰ কাষ বানমুক্তকৰণৰ বাবে কৰি থকা কামসমূহ ফলপ্ৰসূ নহ’ব, ফলত বাসিন্দাসকলৰ অপৰিসীম কষ্ট হ’ব ৷ ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, বশিষ্ঠ, দ্বাৰকা নগৰ ডাউন টাউন, জুৰিপাৰ, ভি আই পি ৰোড আদিৰ পানী ৰৈ যোৱাৰ বাবে বিস্তীৰ্ণ অঞ্চল প্ৰভাৱিত হৈ আহিছে কৃত্ৰিম বানৰ ৷”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!