23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

দুদিনীয়া কাৰ্যসূচীৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণ

Assamese Newsদুদিনীয়া কাৰ্যসূচীৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণ
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী অলবানিজ দুদিনীয়া ভ্ৰমণসূচীৰে  আজি গুজৰাটত উপস্থিত হয়। শ্ৰী অলবানিজে আহমেদাবাদত অৱস্থিত সাৱৰমতী আশ্ৰম পৰিদৰ্শন কৰি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। তেওঁ গান্ধীনগৰৰ ৰাজভৱনত আয়োজিত এটা সাংস্কৃতিক অনুষ্ঠানত গ্ৰহণ কৰাৰ কথা। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যপাল আচাৰ্য দেব্ৰৱত আৰু অন্যান্য বিষয়াসকলে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিব। অলবানিজে সন্ধিয়াৰ ভাগত আহমেদাবাদৰ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ত আন এটা অনুষ্ঠানত ভাগ লব।  দুয়োগৰাকী নেতাই কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন টেষ্ট ক্ৰিকেটৰ প্ৰথমদিনাৰ খেল উপভোগ কৰিব। প্ৰধানমন্ত্রী মোদী আজি নিশাৰ ভাগত আহমেদাবাদত উপস্থিত হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী সন্ধিয়া আহমেদাবাদ পাবহি বুলি প্ৰকাশ পাইছে। তেওঁ আজিয়েই সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ কথা।
উল্লেখযোগ্য যে কাইলৈ আৰম্ভ হ’বলগীয়া ক্রিকেট টেষ্টখনত বৃহৎ সংখ্যক দৰ্শকৰ উপস্থিতিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদ আৰক্ষীয়ে ষ্টেডিয়ামখনৰ লগতে ইয়াৰ আশে-পাশে ৩ হাজাৰতকৈও অধিকসংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰিছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে চাৰিদিনীয়া সূচীৰে ভাৰতলৈ অহা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিজে এই সময়ছোৱাত মুম্বাই আৰু দিল্লীও ভ্ৰমণ কৰিব। অহা ১০ মাৰ্চত তেওঁক ৰাষ্ট্ৰপতি ভৱনত অভ্যর্থনা জনোৱা হ’ব। শ্ৰী আলবানিজে ৰাষ্ট্ৰপতি শ্ৰীমতী দৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!