24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

আজি সৃজনগ্ৰামৰ পূব খামাৰপাৰাৰ সুৱেৰী

Assamese Newsআজি সৃজনগ্ৰামৰ পূব খামাৰপাৰাৰ সুৱেৰী

শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উপলক্ষে বঙাইগাঁৱৰ সৃজনগ্ৰামৰ পূব খামাৰপাৰাত আজি অনুষ্ঠিত হৈছে সুৱেৰী উৎসৱ। এই সুৱেৰীস্থলীলৈ ইতিসাহপ্ৰসিদ্ধ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ বিগ্ৰহৰ লগতে সৃজনগ্ৰাম অঞ্চলৰ আন কেইবাখনো গাঁৱৰ বিগ্ৰহ অনা হয়।
কেইবা শতিকা ধৰি চলি অহা ৰীতি-নীতিৰে উদযাপিত সুৱেৰীত ভগৱানৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰে বঙাইগাঁৱৰ লগতে কাষৰীয়া জিলাসমূহৰো অসংখ্য ভক্তই। হোলীগীতৰ মূৰ্ছনাই কঁপাই তোলে আকাশ-বতাহ। সুৱেৰী উপলক্ষে আয়োজিত মেলাত আগমন ঘটে বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীৰ। আনহাতে নিশাৰ ভাগত আয়োজন কৰা হৈছে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠান।
উল্লেখ্য যে সৃজনগ্ৰামৰ সস্তৰস্থিত ইতিহাসপ্ৰসিদ্ধ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৬ মাৰ্চৰ পৰা ৯ মাৰ্চ আৰু ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ আয়োজন কৰা হৈছে ক্ৰমে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰু ৰাজ পঞ্চমী। বিগত দিনসমূহত বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ পৰে দৌলোৎসৱস্থলী।
এই দৌলোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পূব খামাৰপাৰাৰ পথাৰত অনুষ্ঠিত হয় সুৱেৰী উৎসৱ।
আনহাতে, শুকুৰবাৰে লেংটিছিঙাপাৰাত অনুষ্ঠিত হ’ব বাঁহভঙা পৰ্ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!