নগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ ৩ বিক্ৰেতাক আটক নগাঁও সদৰ আৰক্ষীৰ।

নগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ ৩ বিক্ৰেতাক আটক নগাঁও সদৰ আৰক্ষীৰ।

লক্ষিমপুৰৰ পৰা নগাঁৱত আহি সোণ বিক্ৰী কৰাৰ সময়ত আৰক্ষীয়ে হাতে লুটে আটক কৰে বিক্ৰেতাকেইটাক।

আটকাধীন বিক্ৰেতা কেইটাৰ পৰা আৰক্ষীয়ে সন্দেহ জনক দুখন নকল সোণৰ নাওঁ, ২ টা বিস্কুটৰ লগতে এখন যীশুৰ মূৰ্তিও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক কেইজনৰ নাম ছাদ্দাম হুছেইন, আনাৰুল ইছলাম আৰু ৰিয়াজুল হক।

উল্লেখ্য যে এই অভিযুক্ত কেইটাই পূৰ্বেও এনে অপৰাধ জনিত কাৰ্যকলাপ জড়িত বুলি আৰক্ষীয়ে জানিব দিছে।

ধৃত বিক্ৰেতা কেইটাৰ প্ৰকৃত ঘৰ লক্ষিমপুৰত।

সম্প্ৰতি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

GTM Desk

Related