ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং বেহা ৷
বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও বাইপাছত আৰক্ষীয়ে পুনৰ জব্দ কৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন ট্ৰাক ৷
নুমলীগড়ৰ পৰা যোৰাবাটৰ অভিমুখে অহা ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে ২০ টাকৈ অধিক পশুধন ৷
নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেন চৰকাৰ আলী আৰু আজান আলীক আটক কৰি সোধপোছ চলাই আছে ৷
জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হ’ল AS 01HC 9648