কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

৬ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু। এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ ল’ব।

ইয়াৰোপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ উপভোগ কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুয়ে। আনহাতে, কাজিৰঙাৰ বিভিন্ন স্থানত গজ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থানসমূহ নিৰূপন কৰা হ’ব বুলি মন্তব্য কৰে সঞ্চালক যতীন শৰ্মাই।

Shahnawaz Hamza