24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে একাংশ দল-সংগঠনে।

Assamese Newsহাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে একাংশ দল-সংগঠনে।

”হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলোৱে সমালোচনা কৰিছিল শিক্ষামন্ত্ৰী গৰাকীক। এটা পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষামন্ত্ৰী পেগুক পদত্যাগৰ দাবী জনাইছিল বিভিন্ন দল-সংগঠনে।

তাৰ পাছতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে”- এনেকুৱা এটা খবৰ সাম্প্ৰতিক ৰাজনৈতিক পৰৱেশত সম্ভৱনে? কিন্তু ভাৰতীয় ৰাজনীতিত এনে খবৰ এদিন সম্ভৱ আছিল।

নৈতিক দায়িত্ব স্বীকাৰ কৰি বহু কেইজন নেতাই পদত্যাগ কৰিছিল মন্ত্ৰী পদৰ পৰা। তাৰ প্ৰমাণ লাল বাহাদু শাস্ত্ৰী। নেহেৰু মন্ত্ৰী সভাত লাল বাহাদুৰ শাস্ত্ৰী তেতিয়া আছিল ৰেল মন্ত্ৰী।

১৯৫৬ চনৰ আগষ্টৰ কথা। অন্ধ্ৰপ্ৰদেশৰ মাহবুব নগৰত সংঘটিত হৈছিল এক ৰেল দুৰ্ঘটনা। ১১২ জন ৰেল যাত্ৰীয়ে সেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। সেই নৈতিক দায়িত্ব স্বীকাৰ কৰি মূহুৰ্তৰ ভিতৰতে প্ৰধানমন্ত্ৰী নেহেৰুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল শাস্ত্ৰীয়ে।

এয়া তেওঁৰ সস্তীয়া প্ৰচাৰৰ কৌশল নাছিল। বুজাই বঢ়াই প্ৰধানমন্ত্ৰী নেহেৰুৱে তেওঁক ৰেল মন্ত্ৰীৰ পৰা পদত্যাগ কৰিবলৈ দিয়া নাছিল। তাৰ এমাহ মানৰ পাছতেই তামিলনাডুৰ আৰইয়ালুত আন এক ৰেল দুৰ্ঘটনা হয়। সেইবাৰ শাস্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কৈছিল- মই যদি ৰেল মন্ত্ৰী হৈ ৰেল যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰো তেন্তে মোৰ মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই।

শাস্ত্ৰীৰ এই ৰাজনৈতিক মূল্যবোধ আৰু দায়িত্ববোধৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫৬ চনৰ ২৬ নৱেম্বৰত ‘দ্যা প্ৰায়নিয়াৰ’ নামৰ কাকতখনত এটা সম্পাদকীয় লেখা হৈছিল। য’ত শাস্ত্ৰীৰ দৰে নেতাৰ নৈতিকতাক প্ৰশংসা কৰি তেওঁৰ পদত্যাগ কৰাতো কিয় প্ৰয়োজন নহয় সেই কথা বিশ্লেষণ কৰিছিল।

১৯৮৭ চনত এনে এক নৈতিক কাৰণতে পদত্যাগ কৰিছিল ভি পি সিঙে। তেওঁ আছিল ৰাজীৱ গান্ধী মন্ত্ৰী সভাৰ বিত্ত মন্ত্ৰী। তেওঁ গ্ৰহণ কৰা কঠোৰ কৰ সংগ্ৰহৰ স্থিতিৰ বাবে কৰ ফাঁকি দিয়া বহু উদ্যোগপতি কাৰাগাৰলৈ যাব লগা হৈছিল। আন কিছুৰ বাবেও কাৰাগাৰৰ বাট মুকলি কৰা হৈছিল।

গান্ধীয়ে কৌশলেৰে তেওঁৰ দপ্তৰ সলনি কৰিছিল। সিঙক প্ৰতিৰক্ষাৰ দায়িত্ব দিয়া হৈছিল। দুখন ছাবমেৰিণ এইছ ডি ডব্লিউ কোম্পানীৰ পৰা ক্ৰয় কৰা কথা আছিল ভাৰতে। কোনো যাতে মধ্যভোগীয়ে সেই লেনদেনত অংশ ল’ব নোৱাৰে তাক নিশ্চিত কৰা হৈছিল।

পশ্চিম জাৰ্মানীত সেই সময়ত থকা ভাৰতীয় উচ্চায়ুক্ত গৰাকীয়ে ভিপি সিঙলৈ এখন গোপন চিঠি প্ৰেৰণ কৰিছিল। য’ত এই চাবমিৰিন ক্ৰয়ৰ ঠিকাত কোনো শক্তিশালী পক্ষই দালালগিৰী কৰাৰ তথ্য আছিল। বিষয়টো তদন্ত কৰিছিল ভিপি সিঙে। কিন্তু তেওঁ সেই পক্ষক অস্বীকাৰ কৰিব পৰা নাছিল।

সংঘাত হৈছিল তেওঁৰ প্ৰধানমন্ত্ৰীৰ সৈতে, কংগ্ৰেছৰে একাংশ জ্যেষ্ঠ নেতাৰ সৈতে। ফলত তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে কৌশলী কংগ্ৰেছী নেতাই তেওঁকেই জগৰীয়া কৰি দলৰ পৰা বহিষ্কাৰ কৰি দিছিল।

টিটি কৃষ্ণ মাৰ্ছাৰী তেনে আন এক উদাহৰণ। তেওঁ বিত্তমন্ত্ৰী হৈ থাকোতে স্বাধীন ভাৰতৰ প্ৰথমতো বৃহৎ দুৰ্নীতি সংঘটিত হৈছিল। এল আই চিৰ জৰিয়তে সংঘটিত এই দুৰ্নীতি পোহৰলৈ অহাত এইগৰাকী মন্ত্ৰীয়েও নৈতিক দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰী পদ এৰিছিল।

ভিকে কৃষ্ণামেনন, কেশৱ মালব্য আদিয়েও নৈতিকতাৰ বাবে মন্ত্ৰীত্ব পদ এৰিছিল। এতিয়া জানো ওলাব এনে মন্ত্ৰী? কেনেকৈ আপুনি ভাৱি ল’ব পাৰে প্ৰশ্ন কাকত ফাদিলৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ল’ব আমাৰ শিক্ষামন্ত্ৰীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!