17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ!

Assamese Newsচুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ!

বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি ।

১) আমিষ খাদ্য‌ই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে । কিন্তু অত্যধিক মাত্ৰাত মাংস, তৈলজাতীয় মাছ খালে কম বয়সতেই চুলি পকি যাব পাৰে । সেয়ে এই ধৰণৰ আমিষ খাদ্য‌ অধিক পৰিমাণে গ্ৰহণ নকৰাই ভাল ।

২) বজাৰজাত একাধিক প্ৰক্ৰিয়াজাত খাদ্যত মন’ছ’ডিয়াম গ্লুটামেট পোৱা যায় । এই উপাদানৰ বাবে কম বয়সতে চুলি পকি যাব পাৰে । সেয়ে চুলিৰ অকালপক্কতা ৰোধ কৰিবলৈ এই ধৰণৰ খাদ্য অধিক পৰিমাণে গ্ৰহণ নকৰাই উত্তম ।

৩) অধিক পৰিমাণে মিঠাজাতীয় খাদ্য গ্ৰহণ কৰিলে দ্ৰুত চুলি পকি যাব পাৰে ।

শৰীৰৰ সুস্থ ৰাখিবলৈ আৰু কম বয়সতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সেয়ে এই ধৰণৰ খাদ্য পৰিহাৰ কৰক ।

অৱশ্যে এইবোৰৰ উপৰিও আন কিছুমান কাৰণত কম বয়সতে চুলি পকে । সেইবোৰ জনা প্ৰয়োজনীয় । যেনে – বংশগত সমস্যা, মানসিক চাপ (টোপনিৰ সমস্যা, হতাশা, ভোক নলগা, উচ্চ ৰক্তচাপ), অট’ইমিউন ডিজিজ, থাইৰয়েডৰ সমস্যা, ভিটামিন বি১২-ৰ অভাৱ, ধূমপান ইত্যাদি ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!