22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

Assamese Newsৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ৰাভা হাচংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ ‘ৰাভা উন্নয়ন পৰিষদ’ গঠন আৰু ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ খন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত নগাঁৱত সোমবাৰে অৱস্থান ধৰ্মঘটৰ কায্যসূচী ৰূপায়ন কৰে।

ৰাভা হাচংৰ বাহিৰত থকা অসমৰ চৌদিশে সিঁচৰতি হৈ থকা তিনি লাখ পঞ্চাশ হাজাৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ অৰ্থ সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত অতি পিছ পৰি আছে।

যাৰ বাবে অসমৰ ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোক হোৱাৰ পাছতো ৰাভাসকল ভৱিষ্যত নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে।

বিগত অসম বিধান সভা নিৰ্বাচনত ৰাভা সকলে পূৰ্ণ সমৰ্থন আগবঢ়াই বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

সেই সময়ত ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীত বিজেপি চৰকাৰক ম্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল।

বৰ্তমানৰ শিক্ষা আৰু জনজাতীয় উন্নয়ন বিভাগৰ মন্ত্ৰী ডঃ ৰনোজ পেগুৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি ৰাভা উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত সেউজ সংকেত দিছিল।

কিন্তু বৰ্তমান চৰকাৰে ৰাভা সকলৰ লগত প্ৰতাৰণা কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!