19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

আৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য ! কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

Assamese Newsআৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য ! কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এটাও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী। লগতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।

এই বিষয়কলৈ চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক একাডেমীৰ ৭ জনকৈ ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে৷ লগতে একাডেমীখনৰ অধ্যক্ষকো সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

এই তদন্তৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে ডিজিটেলি ধনৰ লেনদেন তথ্য লাভ কৰিছে ডিব্ৰগড় আৰক্ষীয়ে ৷ আটকাধীন ছাত্ৰকেইজনৰ পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত লেন দেন হোৱাৰ কথা সদৰি কৰে আৰক্ষীয়ে।

দেওবাৰে মাজনিশা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতে পৰীক্ষা স্থগিত ৰাখিবলগীয়া হৈছিল৷ যাৰ ফলত এই বিষয়লৈ ফলত উজনিৰ পৰা নামনি সৰ্বত্ৰে চৰ্চা অব্যাহত হৈছে৷ ইয়াৰ মাজতো ধেমাজিৰ এজন ছাত্ৰই আন এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে বিজ্ঞান বিষয়ৰ পূৰ্বে ফাদিল হৈছিল গণিত বিষয়ৰো প্ৰশ্ন কাকত৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!