নগাঁৱৰ বেঙেনাআটি বুজন পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ সহ দুই যুৱকক আটক ।

নগাঁৱৰ বেঙেনাআটি বুজন পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ সহ দুই যুৱকক আটক ।

নগাঁও চহৰৰ সমীপবৰ্তী অঞ্চল বেঙেনাআটিত নিশা গাওঁৰক্ষী বাহিনীয়ে ড্ৰাগছ সহ আটক কৰে যুৱক দুজনক ।

ড্ৰাগছ ব্যৱসায়ী যুৱক দুজন হ’ল জামাদুল ইছলাম আৰু আনোৱাৰ হুচেইন উৰফে আবুল ।

এই দুই যুৱকে নিসিদ্ধ ড্ৰাগছখিনি আমিনপট্টিৰ ড্ৰাগছৰ ঘাটিৰ পৰা ক্ৰয় কৰি বেঙেনাআটিত বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই বেঙেনাআটি গাওঁৰক্ষী বাহিনীয়ে তালাচি চলাই ড্ৰাগছ সহ আটক কৰে দুয়োকে।

পাছত গাওঁৰক্ষী বাহিনীয়ে গৰুৰ পঘাৰে বান্ধি নিশাই ড্ৰাগছ সহ চমজাই দিয়ে স্থানীয় মৰিকলং আৰক্ষীক ।

ইতিমধ্যে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিলে।

GTM Desk

Related