23.7 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

শীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ: মন্ত্ৰী অশোক সিংহল

Assamese Newsশীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ: মন্ত্ৰী অশোক সিংহল

ৰাজ্যৰ পোৰসভা সমূহৰ পৌৰ কৰ অত্যাধিক বৃদ্ধি কৰণৰ পাছতে কৰদাতা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷মঙলদৈ সহ ৰাজ্যৰ কেতবোৰ পৌৰ এলেকাৰ ৰাইজে অত্যাধিক পৌৰ কৰৰ সিদ্ধান্ত বাতিল নকৰিলে কৰ দিয়াৰ পৰাৰ বিৰত থকাৰ পাছতে থৰকাছুটি হেৰাইছে নগৰ উন্নয়ন বিভাগে ৷

নগাঁও সহ আন কেইবাখনো পৌৰসভাই আনকি বৈঠক অনুষ্ঠিত কৰি পৌৰ কৰ পূৰ্বতকৈ মাত্ৰ সাত- আঠ শতাংশতে সীমাবদ্ধ ৰখাৰ কথা সদৰি কৰিছিল যদিও আজি গুৱাহাটীত ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে শীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ ৷

আনহাতে ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বাধিক পৌৰকৰ বাঢ়িব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, এতিয়াৰে পৰা জাৱৰ-জোথৰ নিয়াৰ বাবে মাহেকত পৌৰকৰ দাতা ৰাইজে দিব নালাগে কোনো কৰ ।

নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পৌৰকৰৰ নতুন নিৰিখ ঘোষণাক ৰাজ্যৰ পৌৰকৰ দাতা ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!